খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন ৬ জনকৈ লোক - Food Poisoning

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 8:59 PM IST

thumbnail
নাজিৰাত সংঘটিত হৈছে খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা (ETV BHARAT ASSAM)

আমগুৰি, 1 জুন : শিৱসাগৰ জিলাৰ নাজিৰাত সংঘটিত হৈছে খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা ৷ খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে 6 জনকৈ লোক ৷ নাজিৰাৰ মাদুৰী মলাগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ বিষক্ৰিয়াত আক্ৰান্ত হোৱা ব্যক্তিকেইজনক নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

জানিব পৰা মতে শুকুৰবাৰে মাদুৰী মলাগাঁৱৰ এজন ব্যক্তিৰ ঘৰত জন্মদিন উদযাপন কৰিছিল ৷ জন্মদিনৰ পায়স শনিবাৰে পুৱা 7 জন লোকে গ্ৰহণ কৰিছিল ৷ এই পায়স খাই পুৱাৰ ভাগত 6 জন লোকৰ শৌচ-বমি হ'বলৈ ধৰে ৷ ব্যক্তিকেইজন অসুস্থ হৈ পৰাত স্থানীয় চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় ৷ পৰৱৰ্তী সময়ত চিকিৎসাধীন ছজনকৈ লোকক উন্নত চিকিৎসাৰ বাবে নাজিৰাৰ লিগিৰীপুখুৰী মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান চিকিৎসকে ব্যক্তিকেইজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : বিষাক্ত কাঠফুলাই কাল হ'ল; চিকিৎসালয়ত ভৰ্তি ৮ গৰাকী - Consumption Of Poisonous Mushrooms

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.