ETV Bharat / state

জেঠমহীয়া নামৰ বুটমাহ খাই এটি শিশুৰ মৃত্যু: অসুস্থ 50 তকৈ অধিক - food poisoning at Dakshin Kamrup

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 12:24 PM IST

Updated : May 30, 2024, 6:28 PM IST

villagers hospitalized due to food poisoning : নামৰ দক্ষিণ কামৰূপৰ সানপাৰাৰ সাউদপাৰাত বুটমাহ খাই অসুস্থ বহু লোক ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, প্ৰায় 50 জন লোক চিকিৎসাধীন হৈ আছে ৷ ইতিমধ্যে খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হৈছে এটি কণমানিৰ ৷

villagers hospitalized due to food poisoning
খাদ্যত বিষক্ৰিয়া (Etv Bharat)

মিৰ্জা, 30 মে’ : ৰাজ্যত পুনৰ খাদ্যত বিষক্ৰিয়া হোৱা ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ বুটমাহ খাই অসুস্থ হৈ পৰিছে ডেকা-বুঢ়া-মেথাকে ধৰি বহু লোক ৷ এইবাৰ ঘটনাৰ স্থান দক্ষিণ কামৰূপৰ সানপাৰাৰ সাউদপাৰা ।

খাদ্যত বিষক্ৰিয়া (ET V Bharat Assam)

জানিব পৰা মতে, বুধবাৰে প্ৰায় 130 টা পৰিয়ালে বাস কৰা সানপাৰা গাঁৱৰ অনাথ আশ্ৰম শিৱ মন্দিৰত ৰাইজে আয়োজন কৰিছিল জেঠমহীয়া নাম ৷ বুট-মগু এই নামত প্ৰসাদ হিচাবে উলিওৱা হৈছিল ৷ ৰাজহুৱা শিৱ মন্দিৰত আয়োজিত এই নামৰ প্ৰসাদ গ্ৰহণ কৰিছিল বহু লোকে ৷ ইমানলৈ সকলো ঠিকেই আছিল ৷

কিন্তু ঘটনা নিশা অৰ্থাৎ বুধবাৰে নিশাৰ পৰাই গাঁৱৰ অধিকাংশ লোকৰ স্বাস্থ্যৰ অৱনতি ঘটে । অতিমাত্ৰা শৌচ, বমি কৰাত বহু লোকক আজাৰা প্ৰাথমিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ আনকি বহু লোকক ব্যক্তিগতভাৱে বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতে এনে ঘটনা সংঘটিত হৈছে বুলি মত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : জিভাৰ জুতি নে জীৱন ? সাৱধানেৰে বাচনি কৰক - food poison case

জানিব পৰা মতে, বৰ্তমানেও আজাৰা প্ৰাথমিক চিকিৎসালয়তো প্ৰায় 50 জন লোক চিকিৎসাধীন হৈ আছে । ইফালে বুধবাৰে নিশাই এই প্ৰসাদ খাই এটি শিশুৰ স্বাস্থ্য অধিক বেয়াৰ ফালে গতি কৰাত আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, বুধবাৰে নিশাই GMCH লৈ প্ৰেৰণ কৰা শিশুটিৰ ইতিমধ্যে মৃত্যু হৈছে ৷ মৃত 6 বছৰীয়া শিশুটিৰ নাম তৃষ্টিলীনা দাস ৷ এই বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ পৰিছে ৷

ইফালে পৰিস্থিতি বিষম দেখি আজি (বৃহস্পতিবাৰ) পুৱাই স্বাস্থ্য বিভাগৰ এটা উপস্থিত হয় দক্ষিণ কামৰূপৰ সানপাৰাৰ সাউদপাৰা গাঁৱত ৷ বৰ্তমান স্বাস্থ্য বিভাগৰ দলটোৱে গাঁওখনত উপস্থিত হৈছে সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে ৷ লগতে গাঁওবাসীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে যো-জা চলাইছে দলটোৱে ৷

লগতে পঢ়ক : পলু খাই বিষক্ৰিয়া হৈ ২০ গৰাকী লোক চিকিৎসাধীন - food poisoning in Tinsukia

Last Updated : May 30, 2024, 6:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.