বোকাজানত হেৰʼইনসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Anti Drugs Operation

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:07 PM IST

thumbnail
হেৰʼইন সৰবৰাহকাৰী গ্ৰেপ্তাৰ (ETV BHARAT ASSAM)

ডিফু ,৩ জুন : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বৰপথাৰত দেওবাৰে পুৱা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এখন বিলাসী বাহন জব্দ কৰে । আৰক্ষীয়ে লগতে এই ঘটনাৰে জড়িত এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । কালি পুৱা প্ৰায় সাত বজাত বৰপথাৰ থানাৰ অন্তৰ্গত খাকৰাজানত বৰপথাৰ আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে এক বিশেষ তালাচী অভিযান চলায় ।  

উক্ত অভিযানত দলটোৱে এএছ-২৩-এজি-০২৯৯ নম্বৰৰ বাহনখনত তালাচী চলাই ২৪ টা প্লাষ্টিকৰ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ২৭২.১৬ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা হেৰʼইনখিনি‌ বাহনখনৰ বনেটৰ ভিতৰফালে এক গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা কৰা হৈছিল । হেৰʼইনখিনি ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে নি থাকোতেই জব্দ কৰা হয় । এই সন্দৰ্ভত আৰক্ষীয়ে অৰুণাচলৰ নামচাইৰ প্ৰণৱ বৰুৱা নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে । জব্দ হোৱা হেৰʼইনখিনিৰ বজাৰমূল্য কমেও ৫৫ লাখ টকা হ'ব ।

লগতে পঢ়ক:ৰৌতাৰ ঝাৰগাঁৱত হেৰ'ইনসহ অৰুণাচলী যুৱকক আটক

বিলাসী বাহনেৰে তিনি কোটি টকাৰ ড্ৰাগছ সৰবৰাহ, আটক তিনি সৰবৰাহকাৰী - Anti Drugs Operation

গুৱাহাটীত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট - Foreign Cigarette Seized

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.