ETV Bharat / state

বিলাসী বাহনেৰে তিনি কোটি টকাৰ ড্ৰাগছ সৰবৰাহ, আটক তিনি সৰবৰাহকাৰী - Anti Drugs Operation

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:56 AM IST

Anti Drugs Operation : গোলাঘাটৰ দৈগ্ৰোঙত তিনি কোটি টকাৰ হেৰ'ইনসহ আটক তিনি সৰবৰাহকাৰী । ৭০ টা চাবোনৰ বাকচত ৮৫০.৩৯ গ্ৰাম হেৰ'ইনসহ আটক কৰে তিনি সৰবৰাহকাৰীক । বিলাসী বাহনেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰী কেইটাই ।

Three arrested with huge quantity of heroin at Doigrung in Golaghat
বিলাসী বাহনেৰে ড্ৰাগছ সৰবৰাহ, আটক তিনি সৰবৰাহকাৰীক (ETV Bharat Assam)

গোলাঘাট, ২ জুন : ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰু কাৰ্বি আংলং আৰক্ষীৰ আন এক বৃহৎ সফলতা । এক গোপন সুত্ৰৰ পম খেদি গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু কাৰ্বি আংলং জিলা আৰক্ষীৰ সহযোগত গোলাঘাট জিলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পংকিয়াল দৈগ্ৰোঙত এখন AS-01-BZ-0675 নম্বৰৰ ক্ৰেটা বাহনত তালাচী চলাই ৭০ টা চাবোনৰ বাকচত ৮৫০.৩৯ গ্ৰাম হেৰ'ইনসহ তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

সৰবৰাহকাৰী কেইটা ক্ৰমে দিলৱাৰা হুছেইন, আলিমুদ্দিন বৰভূঞা, আলটাব হুছেইন বুলি জানিব পৰা গৈছে । সৰহবৰাকাৰী কেইটাই কাৰ্বি আংলং জিলাৰ কেইবাখনো আৰক্ষীৰ নাকা তালাচী অতি কৌশলেৰে পাৰ কৰাৰ পাছত এই গোলাঘাট আৰক্ষীক অৱগত কৰোৱাত গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস আৰু কাৰ্বি আংলং আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি ।

বৰ্তমান আৰক্ষীয়ে আটকাধীন তিনি সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে গোলাঘাট জিলাক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি একাংশ ড্ৰাগছ মাফিয়াই দৈনিক অব্যাহত ৰাখিছে ড্ৰাগছৰ সহবৰাহ । বিশেষকৈ চুবুৰীয়া ৰাজ্য মণিপুৰ, মেঘালয়, মিজোৰামৰ পৰা নাগালেণ্ডৰ ডিমাপুৰ দিশৰ পৰা অসম নাগালেণ্ড সীমান্তৰ বিভিন্ন অঞ্চলত অব্যাহত ৰাখিছে ড্ৰাগছৰ লগতে বিভিন্ন অবৈধ চোৰাং সামগ্ৰীৰ সহবৰাহ ।

তাৰ সমান্তৰালকৈ আৰক্ষীয়ে এই অবৈধ সামগ্ৰী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই বহু সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰি আহিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

লগতে পঢ়ক: খটখটীত যুৱকৰ বেগত ওলাল প্ৰায় ৬ লাখ টকাৰ হেৰ’ইন - Anti Drugs Operation

গুৱাহাটীত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট - Foreign Cigarette Seized

মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা, STF ৰ অভিযান - ANTI DRUGS OPERATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.