খটখটীত যুৱকৰ বেগত ওলাল প্ৰায় ৬ লাখ টকাৰ হেৰ’ইন - Anti Drugs Operation

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:44 PM IST

thumbnail
খটখটীত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ যুৱক আটক (ETV Bharat Assam)

ডিফু,১৬ মে': অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ খটখটীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে পুনৰ লাভ কৰে আন এক ধাৰাবাহিক সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৮ বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ নেতৃত্বত খটখটী থানা এছআই দীপক লাহন, স্বমধন স্বৰ্গীয়াৰীৰ দলে ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মন জিলাৰ দিশে যোৱা এখন নৈশ বাছৰ পৰা ৭২'৫০ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷  

ছয়টা চাবোনৰ বাকচত ভৰাই অনা ড্ৰাগছখিনি এটা স্কুল বেগত জাহচুব কন্যাক নামৰ যুৱকজনে কঢ়িয়াই আনিছিল ৷ NL-07-B-0908 নৈশ বাছখনত চলোৱা তালাচীৰ সময়ত এই নিষিদ্ধ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৬ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.