ETV Bharat / state

অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত কোনে সৰবৰাহ কৰিলে ক’কেইন ? - Cocaine drugs smuggling

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 7:50 AM IST

Indonesian cocaine Smuggler arrested : আচৰিত ! লক্ষ্য- যিকোনো প্ৰকাৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ ৷ সেয়ে এইবাৰ অস্ত্ৰোপ্ৰচাৰ কৰি নিজৰ পেটত সৰবৰাহকাৰীয়ে ভৰাই আনিলে নিচাজাতীয় সামগ্ৰী ৷ তথাপিও কিন্তু আৰক্ষী তথা প্ৰশাসনৰ চকুৰ পৰাহে নপৰিল ৰক্ষা ৷ পেট কাটি আৰক্ষীয়ে উলিয়াই আনিলে কেবা কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ৷

Indonesian youth arrested with cocaine inside stomach in LGBI Guwahati airport
অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত কোনে সৰবৰাহ কৰিলে ক’কেইন ? (ETV Bharat)

গুৱাহাটী, 16 মে’ : আৰক্ষী তথা প্ৰশাসন যিমানেই কঠোৰ নহওক কিয়, দেশ তথা ৰাজ্যত বৰ্তমানো অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ বিভিন্ন কৌশল অৱলম্বন কৰি একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে এতিয়াও মৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন অব্যাহত ৰাখিছে । এনে ঘটনাৰ লগত জড়িতসকলক ইতিমধ্যে কঠোৰ শাস্তি প্ৰদানো কৰা হৈছে ৷ কিন্তু কোনেও যেন নাকী লগাব পৰা নাই একাংশ ড্ৰাগছ সৰবৰাহকাৰীক ৷

চেক পোষ্ট, ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ অথবা ৰাস্তা ঘাট নহয় ৷ এইবাৰৰ ঘটনাৰ স্থান গুৱাহাটী বৰঝাৰ বিমানবন্দৰ ৷ তথ্য অনুসৰি, 14 মে’ৰ নিশা প্ৰায় 8.45 বজাত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা মাৰাত্মক ক’কেইনসহ গ্ৰেপ্তাৰ হয় এজন বিদেশী নাগৰিক ৷

জানিব পৰা মতে, ধৃত ব্যক্তিজন জাকাৰ্টাৰ কৌডেৰেছ (Kauderes)ৰ 33 বছৰীয়া ৰেইনহাৰ্ড চিৰাইট (Reinhard Sirait) বুলি চিনাক্ত কৰা হৈছে । ৰেইনহাৰ্ড চিৰাইটক গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা সীমা শুল্ক বিভাগে আটক কৰে ৷

ধৃত ৰেইনহাৰ্ড চিৰাইটৰ আকৌ আজব কাণ্ড ৷ শুনিলে আপোনাৰো চকু কপালত উঠিব ৷ ৰেইনহাৰ্ডৰ লক্ষ্য- যিকোনো প্ৰকাৰে তেওঁ সৰবৰাহ কৰিব ক’কেইনখিনি ৷ সেয়ে প্ৰশাসনৰ চকুত ধূলি মাৰিবলৈ ধৃত লোকজনে অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত সোমোৱাই আনিছিল ক’কেইনখিনি ।

কিন্তু কপাল বেয়া আছিল ৰেইনহাৰ্ডৰ ৷ গুৱাহাটী বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ বয়বস্তুৰ লগতে তেওঁৰ স্বাস্থ্যপৰীক্ষা কৰাত ধৰা পৰে এই ঘটনা ৷ সৰবৰাহকাৰী ৰেইনহাৰ্ডৰ এই কাণ্ড দেখি হতবাক বিমানবন্দৰ কৰ্তৃপক্ষও ৷

ইফালে সীমা শুল্ক বিভাগে এই কথা ধৰা পেলোৱাৰ পাচতে সৰবৰাহকাৰী ৰেইনহাৰ্ডক আটক কৰি ততালিকে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ তাৰ পাচতে ধৃত লোকজনকে চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ কৰি পেটৰ ভিতৰৰ পৰা টেবলেটৰ আকৃতিত ভৰাই অনা ক’কেইনখিনি উলিয়াই বাহিৰ কৰা হয় ৷

হাস্পতাল কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, ধৃত লোকজনৰ পেটৰ পৰা মুঠ 36 টা টেবলেট আকৃতিৰ ক’কেইন বাহিৰ কৰে ৷ জানিব পৰা মতে, ক’কেইনখিনিৰ ওজন প্ৰায় ১০ গ্ৰাম । যাৰ বজাৰ মূল্য কেইবা কোটি টকা ।

আনহাতে, বৰ্তমানেও গুৱাহাটী মেডিকেল হাস্পতালত ভৰ্তি হৈ আছে জাকাৰ্টাৰ ক’কেইন সৰবৰাহকাৰীটো ।

লগতে পঢ়ক :

বৰডুমচাত ব্ৰাউন ছুগাৰসহ পিতা-পুত্ৰক গ্ৰেপ্তাৰ - Anti Drugs Operation

আৰক্ষীও পালেগৈ, ড্ৰাগছ ব্যৱসায়ীও পলাল - police anti drug mission

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.