ETV Bharat / sports

ৰাহুল দ্ৰাবিড়ক প্ৰশিক্ষক হৈ থাকিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰিছিলো : ৰোহিত শৰ্মা - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 7:43 PM IST

Rohit Sarma on Rahul Dravid : ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই প্ৰকাশ কৰিছে যে তেওঁ ভাৰতীয় দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক ৰাষ্ট্ৰীয় দলটোৰ সেৱা অব্যাহত ৰাখিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰিছিল । তেওঁ কয়, "মই তেওঁক প্ৰশিক্ষক হিচাপে দায়িত্ব অব্যাহত ৰাখিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰো । মই তেওঁক আঁতৰি যোৱাটো চাব নোৱাৰিম ।"

Rohit Sarma on Rahul Dravid
ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৫ জুন : ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই মঙলবাৰে প্ৰকাশ কৰে যে তেওঁ ৰাহুল দ্ৰাবিড়ক ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব অব্যাহত ৰাখিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰিছে । লগতে তেওঁ কয়, "মই তেওঁক দলৰ পৰা আঁতৰি যোৱাটো চাব নোৱাৰিম ।"

উল্লেখ্য যে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিচত দলটোৰ দায়িত্ব গ্ৰহণ কৰা ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে সোমবাৰে স্পষ্ট কৰি দিয়ে যে চলিত টি-২০ বিশ্বকাপ ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে তেওঁৰ অন্তিম দায়িত্ব হ'ব । তেওঁ ভৱিষ্যতে এই দায়িত্বৰ বাবে পুনৰ আবেদন নকৰে । তেওঁ ২০২১ চনৰ নৱেম্বৰ মাহত দলটোৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত সমাপ্ত হৈছিল । অৱশ্যে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা টি-২০ বিশ্বকাপলৈকে তেওঁ চুক্তি সম্প্ৰসাৰণ কৰে বি চি চি আয়ে ।

"মই ভাৰতৰ বাবে প্ৰশিক্ষণ দিয়া প্ৰতিখন মেচ মোৰ বাবে অতি গুৰুত্বপূৰ্ণ । গতিকে মোৰ বাবে এইটো বেলেগ একো নহয় যে ইয়ালৈকে মই মোৰ অন্তিম দায়িত্বত আছোঁ । মই এই দলটোৰ সৈতে কাম কৰি ভাল পাইছোঁ আৰু এইটো এটা ডাঙৰ কাম । মই নাভাবো যে মই পুনৰ আবেদন কৰিব পাৰিম ।" তেওঁ কয় । এই প্ৰতিযোগিতাখন অধিক গুৰুত্বপূৰ্ণ হৈছে নেকি, কিয়নো দলটোৰ দায়িত্বত থকা এইটো তেওঁৰ অন্তিমটো সুযোগ বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ।

"হয়, এইটো মোৰ অন্তিমটো কাৰ্যকাল হ'ব । কিন্তু সঁচাকৈ ক'বলৈ গ'লে এইটো মোৰ বাবে একো পৃথক নহয় । মই দায়িত্ব গ্ৰহণ কৰাৰ প্ৰথমদিনাৰ পৰাই সদায় অনুভৱ কৰিছিলোঁ যে প্ৰতিখম মেচেই গুৰুত্বপূৰ্ণ আৰু সেয়া এতিয়াও সলনি নহ'ব ।" সামৰণিত তেওঁ কয় ।

আনহাতে, আয়াৰলেণ্ডৰ বিৰুদ্ধে অভিযানৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি ৰোহিত শৰ্মাই কয়, "ৰাহুল দ্ৰাবিড়ৰ সৈতে মোৰ সমীকৰণ অতি ভাল । তেওঁ মোৰ প্ৰথম অধিনায়ক । মই তেওঁৰ অধীনত খেলিছিলোঁ, তেওঁ আমাৰ সকলোৰে বাবে ডাঙৰ আদৰ্শ । যেতিয়া মই দললৈ আহিছিলোঁ মাত্ৰ, তেতিয়া মই তেওঁক খেলি থকা দেখিছোঁ । তেওঁ নিজৰ কেৰিয়াৰত যথেষ্ট সংকল্প দেখুৱাইছে, আমাক কঠিন পৰিস্থিতিৰ পৰা বাহিৰ উলিয়াই লৈ গৈছে । মই তেওঁক প্ৰশিক্ষক হিচাপে তেওঁ দায়িত্ব অব্যাহত ৰাখিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰোঁ । মই তেওঁক দলটোৰ পৰা আঁতৰি যোৱাটো চাব নোৱাৰিম । তেওঁৰ সৈতে কাম কৰাটো ফলপ্ৰসূ হৈছে, মই ইয়াৰ প্ৰতিটো অংশ উপভোগ কৰিছিলোঁ ।"

উল্লেখ্য, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ইতিমধ্যে ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ বাবে আবেদন আহ্বান জনাইছে আৰু ইয়াৰ বাবে অন্তিম সময়সীমা আছিল ২৭ মে' । অৱশ্যে বোৰ্ডে আবেদনকাৰীসকলৰ নাম এতিয়াও ঘোষণা কৰা নাই । কিন্তু শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খিতাপ অৰ্জন কৰা ভাৰতৰ প্ৰাক্তন বেটাৰ গৌতম গম্ভীৰ এই দৌৰত সন্মুখত থকা বুলি বাতৰি ওলাইছে । তেৱোঁ ভাৰতৰ মুখ্য প্ৰশিক্ষক হ'বলৈ আগ্ৰহ দেখুৱাইছে । এই সন্দৰ্ভত আবুধাবিত এক অনুষ্ঠানত তেওঁ কয়, "মই ভাৰতীয় দলৰ প্ৰশিক্ষক হ'বলৈ ভাল পাম । নিজৰ বাবে ৰাষ্ট্ৰীয় দলক প্ৰশিক্ষণ দিয়াতকৈ ডাঙৰ সন্মান নাই । ইয়াৰ অৰ্থ হৈছে ১৪০ কোটি ভাৰতীয় আৰু সমগ্ৰ বিশ্বৰ লোকসকলক প্ৰতিনিধিত্ব কৰিছোঁ ।"

২০০৭ চনৰ পৰা উদ্বোধনী টি-২০ বিশ্বকাপ চেম্পিয়ন ভাৰতে গ্ৰুপ এৰ প্ৰতিযোগিতাত বুধবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । আনহাতে, মেন ইন ব্লুৱে ২০১৩ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী জয়ৰ পিচত এতিয়ালৈকে এটাও আইচিচি ইভেণ্টত জয়লাভ কৰিব পৰা নাই । সেয়ে এইবাৰ নিশ্চিতভাৱে ভাৰতীয় দলটোৰ চকু এই বিশ্বকাপৰ ওপৰত থাকিব ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপ হ'ব ভাৰতীয় দলৰ সৈতে দ্ৰাবিড়ৰ অন্তিম অভিযান - Indian Cricket Team Head Coach

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.