পানীখাইতিৰ জনাঞ্চলৰ পৰা উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ - Slow Loris Rescued

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 6:10 PM IST

thumbnail
পানীখাইতিত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 5 জুন : গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী পানীখাইতিত উদ্ধাৰ কৰা হৈছে এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ ৷ বুধবাৰে পানীখাইতিৰ সাপ্তাহিক বজাৰৰ সমীপত এটা পৰিয়ালৰ বাসগৃহত উদ্ধাৰ কৰা হয় লাজুকী বান্দৰটো ৷ পানীখাইতিৰ প্ৰকৃতিপ্ৰেমী কৰণ নাথ আৰু আন্দন গয়াৰী নামৰ যুৱক দুজনে উদ্ধাৰ কৰে এই লাজুকী বান্দৰটো ৷

জানিব পৰা মতে মঙলবাৰে নিশাও মদন গয়াৰী নামৰ লোকজনৰ বাসগৃহৰ সন্মুখত স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰিছিল এই দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ৷ পিচত স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগ উপস্থিত হৈ উদ্ধাৰ কৰে লাজুকী বান্দৰটো ৷ বন বিভাগে উদ্ধাৰ কৰাৰ পিচত দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক গতাই দিয়ে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণত ব্ৰতী এগৰাকী শিক্ষক - Great Work By A Teacher IN KALIABOR

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.