বৰডুমচাত ব্ৰাউন ছুগাৰসহ পিতা-পুত্ৰক গ্ৰেপ্তাৰ - Anti Drugs Operation

By ETV Bharat Assamese Team

Published : May 15, 2024, 1:38 PM IST

thumbnail
ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযোন (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১৫ মে’: আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযোন চলোৱাৰ পিচতো ৰাজ্য়ত অব্য়াহত এই বেহা । ইয়াৰ মাজতেই তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বিশ্ৰামপুৰত মঙলবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হ'ল পিতা-পুত্ৰ । এই অভিযানত বৰডুমচা আৰক্ষীয়ে ব্ৰাউন ছুগাৰসহ পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।  

উত্থাপিত অভিযোগ অনুসৰি দীৰ্ঘ দিন ধৰি পিতা-পুত্ৰই অঞ্চলটোত চলাই আহিছিল এই বেহা । এক গোপন সূত্ৰৰ পমখেদি বৰডুমচা থানাৰ আৰক্ষীৰ এটা দলে অসামৰিক পোচাকত খাপপিটি আছিল কৈলাসপুৰৰ উত্তৰ বিশ্ৰামপুৰ গাঁৱত ৷ তেনে সময়তে ৩৫ গ্ৰাম ব্ৰাউন ছুগাৰৰ চাৰিটা পেকেটসহ ৰুমাই গাভৰু গাঁৱৰ পিতা-পুত্ৰ বলিন দহোতীয়া আাৰু বিতোপন দহোতীয়াক আৰক্ষীয়ে হাতে-লোটে আটক কৰে ৷ উদ্ধাৰ কৰা ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে উল্লেখ কৰে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.