আজিও পোহৰলৈ নাহিল ধনজিতৰ মৃত্যুৰ ৰহস্য, পথ অৱৰোধ কৰি স্থানীয় লোকৰ উত্তাল প্ৰতিবাদ - dhanjit moran mysterious death

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 9:51 AM IST

thumbnail
আজিও পোহৰলৈ নাহিল ধনজিতৰ মৃত্যুৰ ৰহস্য (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১০ জুন : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা আৰক্ষী থানাত দেওবাৰে আৰক্ষীৰ জিম্মাতেই লকআপৰ ভিতৰত এজন ২২ বছৰীয়া যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ জিলাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ ছাগলী চোৰৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল টঙনা মাজগাঁৱৰ ধনজিত মৰাণক ৷ তাৰ পিচতে ৰহস্যজনকভাৱে লকআপৰ ভিতৰতে কৰে আত্মহত্যা কৰে ধনজিতে ৷

ইয়াৰ পিচতে পৰিয়ালৰ লোকে আৰক্ষীয়ে ধনজিতক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল ৷ দেওবাৰে টঙনা আৰক্ষী থানাৰ সন্মুখত পৰিয়াল তথা স্থানীয় লোকে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্থানীয় ৰাইজৰ প্ৰশ্ন, স্মাৰ্ট আৰক্ষীৰ জিম্মাত থকা এগৰাকী অভিযুক্তই লকআপৰ ভিতৰত কেনেকৈ আত্মহত্যা কৰিব পাৰে ?

ইফালে আত্মহত্যা কৰিলে বুলি পৰিয়ালক অৱগত নকৰাকৈ আৰক্ষীয়ে কেনেকৈ ধনজিতৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ প্ৰেৰণ কৰিলে ? এতিয়া সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত কৰাৰ লগতে দায়িত্বত থকা আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব লাগে বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে ৷

লগতে পঢ়ক: লক্ আপৰ ভিতৰতে লুটফুৰৰ আত্মহত্যাই লৈছে নতুন মোৰ - Suicide In Police Station

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.