ETV Bharat / entertainment

অচিৰেই জাহীৰৰ কইনা হ’ব সোণাক্ষী, ঘোষণা কৰিলে বিয়াৰ তাৰিখ - Sonakshi Sinha Wedding date

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 11:17 AM IST

Sonakshi Sinha Wedding : হীৰামাণ্ডীৰ সফলতাৰ পাচতেই অনুৰাগীলৈ সুখবৰ লৈ আহিছে বলীউডৰ অভিনেত্ৰী সোণাক্ষী সিন্হাই ৷ চলিত মাহতেই প্ৰেমিক জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব সোণাক্ষী ৷ ইতিমধ্যে ঘোষণা কৰিছে বিয়াৰ তাৰিখো...

Sonakshi Sinha to be marrying Zaheer Iqbal on this day
অচিৰেই জাহীৰৰ কইনা হ’ব সোণাক্ষী, বিয়াৰ তাৰিখ কৰিলে ঘোষণা (WALLPAPER.COM)

চিটাৰা ডেস্ক, 10 জুন : বি টাউনত এতিয়া বিবাহৰ বতৰ ৷ এইবাৰ কইনাৰ সাজত বলীউডৰ মোহময়ী অভিনেত্ৰী সোণাক্ষী সিন্হা আৰু দৰাৰ সাজত অভিনেতা জাহীৰ ইকবাল ৷ এক তথ্য অনুসৰি, অহা 23 জুনত অভিনেত্ৰী সোণাক্ষী সিনহাই মুম্বাইত তেওঁৰ প্ৰেমিক তথা আৰু অভিনেতা জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ৷

সোণাক্ষী আৰু জাহীৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ কথা গুজৱ ওলাই আছিল যদিও কেতিয়াও দুয়োগৰাকীয়ে সম্পৰ্কৰ কথা ৰাজহুৱাভাৱে নিশ্চিত কৰা নাছিল ৷ জানিবলৈ পৰা মতে, সোণাক্ষী আৰু জাহীৰে নিজ সম্পৰ্কক ব্যক্তিগত কৰি ৰাখিবলৈ বিচাৰিছিল ৷ কিন্তু তেওঁলোকৰ ৰাজহুৱা উপস্থিতি আৰু সামাজিক মাধ্যমত প্ৰেমময় পোষ্টে তেওঁলোকৰ সম্পৰ্কৰ আভাষ দিছিল অনুৰাগীক ।

সম্প্ৰতি সোণাক্ষী আৰু জাহীৰৰ বিয়াৰ খবৰে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰিছে ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হীৰামাণ্ডীৰ সমগ্ৰ কলা-কুশলীক বিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে । দুয়োৰে বিবাহৰ নিমন্ত্ৰণী কাৰ্ডখন আলোচনীৰ বেটুপাতৰ দৰে ডিজাইন কৰা হৈছে, য'ত ধেমেলীয়া সুৰত লিখা আছিল 'সঁচা হ’ল উৰাবাতৰি' ।

এই বিবাহ অনুষ্ঠানত তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ উপৰিও, হীৰামাণ্ডীৰ সমগ্ৰ কলা-কুশলীক বিয়াৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । অৱশ্যে, সোণাক্ষী আৰু জাহীৰৰ বিবাহৰ খবৰ এতিয়াও আনুষ্ঠানিকভাৱে দুয়োয়ে নিশ্চিত কৰা নাই ।

সোণাক্ষীৰ 37 তম জন্মদিনত, জাহীৰে নিজৰ আৰু সোণাক্ষীৰ ৰোমান্টিক আৰু ধেমেলীয়া মুহূৰ্তৰ কিছু ফটো পোষ্ট কৰি লিখিছিল "শুভ জন্মদিন সোণজজজজ" ৷ কৰ্মক্ষেত্ৰত, সোণাক্ষী সিনহাক শেষবাৰৰ বাবে সঞ্জয় লীলা ভাঞ্চালীৰ ৱেব চিৰিজ, হীৰামাণ্ডীত দেখা গৈছিল ৷

সোণাক্ষী আৰু জাহীৰৰ প্ৰেম কাহিনীৰ উৎপত্তি ছলমান খানৰ ছেটতে আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে ৷ 'দাবাং' (২০১০) ছবিখনৰ জৰিয়তে ছলমান খান সৈতে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল সোণাক্ষীয়ে ৷

লগতে পঢ়ক: Dahaad Trailer: সোণাক্ষী সিনহাৰ ‘দহাদ’ৰ গাৰ নোম শিয়ঁৰি উঠা ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.