চেঁচা নৈত জাপ দিলে 60 ৰ ঊৰ্ধৰ ব্যক্তিয়ে : নলাত উটি গ’ল যুৱক - Attempt to suicide

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 10:14 PM IST

thumbnail
ডিব্ৰুগড়ত সংঘটিত দুটাকৈ চাঞ্চল্যকৰ ঘটনা (Etv Bharat Assam)

মৰাণ, 3 জুন : সোমবাৰে বিয়লি ডিব্ৰুগড়ত সংঘটিত হ'ল দুটাকৈ চাঞ্চল্যকৰ ঘটনা । লাহোৱালৰ চেঁচা নৈত চুবল কুমাৰ নাহাক নামৰ এজন 60 ৰ ঊৰ্ধৰ ব্যক্তিয়ে জাপ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি তীব্ৰ চাঞ্চল্যৰ ৷ ব্যক্তিজনে ব্যৱহাৰ কৰা ছাতি আৰু চেণ্ডেল নৈৰ পাৰত উদ্ধাৰ কৰে স্থানীয় ৰাইজে । কি কাৰণে ব্যক্তিজনে নৈত জাপ দিলে সেই কথা জানিব পৰা হোৱা নাই । ঘটনাস্থলীত এন ডি আৰ এফ বাহিনী উপস্থিত হৈ ব্যক্তিজনক উদ্ধাৰৰ বাবে অব্যাহত ৰাখিছে অভিযান ৷

আনহাতে, জিলাখনৰ শান্তিপাৰা বাঁশবাৰীত সংঘটিত হয় আন এক অঘটন । উন্মুক্ত নলাত পৰিল এজন যুৱক । নলাৰ ভৰা পানীয়ে মুহূৰ্ততে উটুৱাই নিয়ে বিতু ৰয় নামৰ যুৱকজনক । উক্ত স্থানতো এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাইছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই যুৱকজনৰ । একেদিনাই চহৰখনত দুটাকৈ এনেধৰণৰ ঘটনা সংঘটিত হোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল ৷

লগতে পঢ়ক: জিলা প্ৰশাসনৰ নিৰ্দেশনাক উলংঘা; ভোগদৈৰ বুকুত উদ্ধাৰ জ্যোতি প্ৰসাদৰ মৃতদেহ - Body Of Missing Man Recovered

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.