ETV Bharat / politics

দুই আঞ্চলিক শক্তি একত্ৰীকৰণ প্ৰসংগত লুৰীণৰ মুখত কেৱল অজিত ভূঞাৰ নাম! - merger of regional party

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 7:29 AM IST

Merger of the Raijor Dol and Assam Jatiya Parishad: জাতীয়তাবাদ মানে কেৱল দুই গগৈ নহয় ৷ ৰাইজৰ দল আৰু জাতীয় পৰিষদ‌ একলগ হোৱাৰ প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া ৷ অজিত কুমাৰ ভূঞাৰ কথা মতেহে আগবাঢ়িব বিচাৰে লুৰীণজ্যোতি গগৈয়ে ৷

AJP Lurinjyoti Gogois Comment on merger of the Raijor Dol and Assam Jatiya Parishad
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া (Etv bharat assam)

মৰাণ, 26 মে’: দুই আঞ্চলিক শক্তি ক্ৰমে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একত্ৰিকৰণৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্যক পোনচাটে নাকচ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ সময়ৰে পৰা দাবী কৰি আহিছে যে, দুয়োটা দল একলগ হোৱাৰ বাবে ইতিমধ্যে বহু আলোচনা হৈছে । অৱশ্যে অখিল গগৈয়ে কোৱাৰ দৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হৈ নতুন আঞ্চলিক দল গঠনক সমৰ্থন কৰা নাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া (Etv bharat assam)

অখিল গগৈয়ে দুই আঞ্চলিক শক্তি চামিলকৰণৰ সন্দৰ্ভত প্ৰকাশ কৰি অহা বক্তব্যবোৰ পোনচাটে নাকচ কৰি সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈয়ে কয়, "অজিত কুমাৰ ভূঞাৰ কথা মতেহে আঞ্চলিক দল গঠনৰ পোষকতা কৰো । জাতীয়তাবাদৰ পৰিসৰ উজনি অসমৰ গগৈৰ মাজত সীমাবদ্ধ কৰিব বিচৰা নাই । সকলো জাতি-জনগোষ্ঠীক লৈ জাতীয়তাবাদ গঢ়িব বিচাৰো" ।

একে কথা অজিত কুমাৰ ভূঞায়েও কৈছে । নতুন দলটোলৈ সকলো আঞ্চলিক দল আহিব পৰা পৰিৱেশ থাকিব লাগিব । জাতীয়তাবাদ মানে কেৱল দুই গগৈ নহয় । সকলো জাতি-জনগোষ্ঠীক লৈ শক্তিশালী আঞ্চলিক দল হ'ব লাগিব । তাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে । কেৱল দুটা দল নহয় । ৰাজ্যৰ সকলো ৰাজনৈতিক দলক এটা ছাতিৰ তললৈ অনাৰ বাবেহে চেষ্টা চলিছে" ৷

উল্লেখ্য যে, ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে কা আন্দোলনৰ পিছত ৰাজ্যত জন্ম হোৱা দুই আঞ্চলিক দলৰ একলগ হোৱাৰ প্ৰসংগই । ডিব্ৰুগড়ৰ কোটোহাত সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই প্ৰসংগত প্ৰকাশ কৰা বক্তব্যই বিষয়টোক অধিক চৰ্চাৰ মাজলৈ ঠেলি দিছে ৷

লগতে পঢ়ক: অখিল গগৈৰ সৈতে ই টিভি ভাৰত অসমৰ বিশেষ সাক্ষাৎকাৰ - Interview with Akhil Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.