ETV Bharat / bharat

Bikaner-Guwahati Express accident : দুৰ্ঘটনাস্থলীত উপস্থিত ফৰেনচিকৰ দল

author img

By

Published : Jan 17, 2022, 6:54 PM IST

সোমবাৰে তিনিজনীয়া এটা ফৰেনচিকৰ দলে পশ্চিমবংগৰ জলপাইগুৰিৰ সমীপৰ ময়নাগুৰিত উপস্থিত (A three member forensic team on Monday morning reached Jalpaiguri) হয় ৷ এই এলেকাতে উৰুকাৰ সন্ধিয়া বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ লাইনচ্যুত হৈছিল ৷ দলটোৱে তদন্তৰ খাতিৰত দুৰ্ঘটনাস্থলীৰ পৰা তথ্য সংগ্ৰহ কৰে (Forensic team collects specimens from Bikaner-Guwahati Express accident spot) ।

Forensic team collects specimens from Bikaner-Guwahati Express accident spot
দুৰ্ঘটনাস্থলীত উপস্থিত ফৰেনচিকৰ দল

নেশ্যনেল ডেস্ক, 17 জানুৱাৰী : সোমবাৰে পুৱা তিনিজনীয়া এটা ফৰেনচিকৰ দলে পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ময়নাগুৰিৰ বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ দুৰ্ঘটনাস্থলীত উপস্থিত (A three member forensic team on Monday morning reached Jalpaiguri) হয় । ফৰেনচিকৰ দলটো কলকাতাৰ পৰা আহি দুৰ্ঘটনাস্থলীৰ তথ্য সংগ্ৰহ (Forensic team collects specimens from Bikaner-Guwahati Express accident spot) কৰে । তদুপৰি ভাৰতীয় ৰে’ল সেৱাৰ শীৰ্ষ বিষয়াৰ এটি দলেও সোমবাৰে পুৱা উক্ত স্থানত উপস্থিত হৈছিল ৷

উল্লেখ্য যে, বিগত 13 জানুৱাৰীৰ সন্ধিয়া বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছখন পশ্চিমবংগৰ সমীপৰ ময়নাগুৰিত 12 টাকৈ ডবা লাইনচ্যুত হৈ দুৰ্ঘটনাত (Guwahati Bikaner Express derailed) পতিত হৈছিল ৷ যাৰ ফলত ৰে’লখনৰ 6 টাকৈ ডবাৰ বিস্তৰ ক্ষতিসাধন হৈছিল ৷ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ন গৰাকীকৈ লোকে ৷ তদুপৰি আহত হৈছিল 42 গৰাকী লোক ৷

এই ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, সেনা, সশস্ত্ৰ সীমা বল, সীমা সুৰক্ষা বাহিনী আৰু এনডিআৰএফ বাহিনী ৷ স্থানীয় লোকৰ সৈতে আটাইকেইটা বাহিনীয়ে মিলি যুটীয়াভাৱে চলাইছিল উদ্ধাৰ অভিযান ।

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ১৪ জানুৱাৰীত ঘটনাস্থলীত উপস্থিত হয় আৰু ৰে'ল সুৰক্ষা আয়ুক্তৰ দ্বাৰা এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে । মন্ত্ৰীজনে আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ মনৰ বুজো লৈছিল ৷ ভাৰতীয় ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াসকলে ইতিমধ্যে বিষয়টোৰ বিতং তদন্ত কৰিবলৈ আলিপুৰদুৱাৰত শিবিৰ পাতি আছে । কিন্তু তাৰপিছতো ৰে’ল বিভাগে কোনো প্ৰতিবেদন দাখিল কৰা নাই ৷

অৱশ্যে অনুসন্ধানকাৰী দলে চালকৰ কোনো ত্ৰুটি বা ইঞ্জিন আৰু ডবাত কাৰিকৰী ত্ৰুটি দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ আছিল নেকি জানিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে চাওক: Guwahati Bikaner Express derailed : দুৰ্ঘটনাত পতিত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.