ETV Bharat / bharat

Guwahati Bikaner Express derailed : দুৰ্ঘটনাত পতিত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ

author img

By

Published : Jan 13, 2022, 5:52 PM IST

Updated : Jan 13, 2022, 9:13 PM IST

Guwahati Bikaner Express derailed
Guwahati Bikaner Express derailed

17:48 January 13

পশ্চিমবংগত দুৰ্ঘটনাত পতিত হৈছে গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৷ 12 টাকৈ ডবা লাইনচ্যুত ৷

দুৰ্ঘটনাত পতিত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ

নিউজ ডেস্ক, 13 জানুৱাৰী : দুৰ্ঘটনাত পতিত হৈছে গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৷ পশ্চিমবংগৰ দমহানিত লাইনচ্যুত হয় ৰেলগাড়ীখন ৷ গুৱাহাটী অভিমুখে আহি আছিল 15633 নম্বৰৰ ৰেলগাড়ীখন ৷ জানিব পৰা মতে, 12 টাকৈ ডবা লাইনচ্যুত হৈছে ৰেলগাড়ীখনৰ ৷ ইতিমধ্যে ডি আৰ এম আৰু এ ডি এমৰ উদ্ধাৰৰ বাবে উপস্থিত হৈছে দুৰ্ঘটনাস্থলীত ৷

বৰ্তমানলৈকে পোৱা খবৰ অনুসৰি পাঁচগৰাকী লোকৰ মৃত্যু হৈছে গুৱাহাটী-বিকানেৰ ৰেল দুৰ্ঘটনাত ৷ ইতিমধ্যে উচ্চ পৰ্যায়ৰ ৰেল সুৰক্ষা তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৷ ভাৰতীয় ৰেলৱে মুকলি কৰি দিছে দুটা হেল্প লাইন নম্বৰ ৷ নম্বৰ দুটা হ’ল 03612731622 আৰু 03612731623 ৷ ইতিমধ্যে ঘটনাস্থলীত প্ৰায় 30 খন এম্বুলেঞ্চে সেৱা আগবঢ়াইছে ৷ আহত সকলক জলপাইগুৰি জিলা হাস্পতাল আৰু নিউ মইনাগুৰি জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ উদ্ধাৰ কাৰ্য প্ৰায় সম্পন্ন হোৱা বুলি জানিবলৈ দিছে সূত্ৰই ৷

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটাৰযোগে এই ৰেল দুৰ্ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে আহত সকলে উপযুক্ত চিকিৎসা লাভ কৰিব বুলি জানিবলৈ দিছে ৷

এই ৰেল দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বিশ্বৰ সৈতে যোগাযোগ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী গৰাকীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিব বুলি টুইটাৰযোগে জানিবলৈ দিছে ৷ উপ-ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুৱেও এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : AFSPA extended In Manipur: মণিপুৰত বিজেপিৰ সম্ভাৱনাক প্ৰভাৱিত কৰিব নেকি আফস্পাই ?

Last Updated : Jan 13, 2022, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.