AFSPA extended In Manipur: মণিপুৰত বিজেপিৰ সম্ভাৱনাক প্ৰভাৱিত কৰিব নেকি আফস্পাই ?

author img

By

Published : Jan 13, 2022, 3:37 PM IST

afspa-extension-shadows-bjps-prospect-in-manipur

সমাগত নিৰ্বাচনৰ আগে আগে মণিপুৰৰ সকলো অঞ্চলতে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন (Armed Forces Special Powers Act) পুনৰ প্ৰসাৰিতকৰণে ৰাজ্যখনত বিপদত পেলাব পাৰে শাসনাধিষ্ঠিত বিজেপি দলক । ইটিভি ভাৰতৰত সহকাৰী বাৰ্তা সম্পাদক অনুপ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ৷

নিউজ ডেস্ক, 13 জানুৱাৰী : সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিৰোধী তীব্ৰ আন্দোলন চলি থকা সময়তে মণিপুৰৰ সকলো অঞ্চললৈ এই আইনৰ পুনৰ প্ৰসাৰিতকৰণে বিশেষকৈ বিধানসভা নিৰ্বাচনৰ আগতে মণিপুৰত শাসনাধীস্থ বিজেপি দলক বিপদত পেলোৱাৰ আশংকাই দেখা দিছে (AFSPA extension shadows BJP's prospect in Manipur)।

মণিপুৰৰ বিৰোধী দল কংগ্ৰেছৰ লগতে চৰকাৰৰ অংশীদাৰী দল নাগা পিপলচ ফৰাম (এন পি এফ) আৰু নেচনেলিষ্ট পিপলচ পাৰ্টী (এন পি পি) দলেও এই কুখ্যাত আইনখনৰ বিৰুদ্ধে মাত মতা দেখা গৈছে, যি শাসনাধিস্থ বিজেপি দলৰ বাবে সংকটৰ সৃষ্টি কৰিব পাৰে ।

বিগত ডিচেম্বৰ মাহৰ ৪ তাৰিখে নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত আছাম ৰাইফলচৰ দ্বাৰা সংঘটিত হোৱা নৰসংহাৰৰ পাছতেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই এই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বিৰোধী আন্দোলনে তীব্ৰ গণ আন্দোলনৰ ৰূপ লোৱা দেখা গৈছে ।

আছাম ৰাইফলচৰ দ্বাৰা সংঘটিত হোৱা নৰসংহাৰত ১৪ জনকৈ নগা কন্যাক জনগোষ্ঠীৰ লোক নিহত হৈছিল আৰু এই ঘটনাই নাগালেণ্ড আৰু মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত থকা নগা অধ্য়ুষিত অঞ্চল সমূহকো প্ৰভাৱিত কৰিছিল । মন কৰিব লগীয়া যে মণিপুৰৰ বিধান সভাৰ ৬০ খন আসনৰ বাবে দুটা পৰ্যায়ত নিৰ্বাচন অনুস্থিত হ’ব বুলি ইতিমধ্যেই নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ।

ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখে আৰু মাৰ্চ মাহৰ ৩ তাৰিখে ৰাজ্যখনত নিৰ্বাচন অনুস্থিত হ’ব আৰু মাৰ্চ মাহৰ ১০ তাৰিখে ভোট গণনা হ’ব (Two phased Manipur election in february and march) । উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰাজ্যত যঠেষ্ট পৰিমানে শক্তিশালী ছাত্ৰ সংগঠন তথা বহু অৰাজনৈতিক সংগঠনে সমৰ্থন কৰা এই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিৰোধী আন্দোলনে অনাগত দিনত ৰাজ্য সমূহত প্ৰভাব পেলোৱাটো নিশ্চিত ।

আনহাতে, নাগালেণ্ডত এতিয়াও চলি থকা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বিৰোধী আন্দোলনে মণিপুৰৰ পাহাৰাঞ্চলত অৱস্থিত কমেও ২০ টা বিধানসভা সমষ্টিক, য’ত নগা জনগোষ্ঠীৰ লোক আৰু কুকি জনগোষ্ঠীৰ লোকসকল সংখ্যাগৰিষ্ঠ, প্ৰভাৱিত কৰাটো নিশ্চিত ।

মণিপুৰৰ বিৰোধী কংগ্ৰেছ দলে ইতিমধ্যেই এই কুখ্যাত আইনখনৰ পুনৰ সম্প্ৰসাৰণৰ বাবে বিজেপি দলক দোষাৰোপ কৰি ঘোষণা কৰিছে যদিহে কংগ্ৰেছ দল মণিপুৰত শাসনলৈ আহিব পাৰে তেন্তে গঠন হ’বলগীয়া চৰকাৰৰ প্ৰথমখন কেবিনেট সভাতেই এই কুখ্যাত আইন বাটিল কৰা হ’ব ।

দলৰ নেতা কে মেগাচন্দ্ৰই কয় যে, কংগ্ৰেছ দলে ২০০৪ চনত মণিপুৰৰ ৭টা বিধানসভা সমষ্টিৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন বাতিল কৰিছিল । ২০১৭ চনৰ নিৰ্বাচনত বিজেপি দলে ২১ খন আসন পোৱাৰ বিপৰিতে কংগ্ৰেছ দলে ২৮ খন আসন লাভ কৰিছিল ।

বিজেপি দলে ২১ খন আসন লাভ কৰি এন পি এফ দলৰ ৪ জন, নেচনেলিষ্ট পিপলচ পাৰ্টী (এন পি পি) দলৰ ৪ জন, তৃণমূল কংগ্ৰেছৰ এজন, নিৰ্দলীয় এজন আৰু এল জে পি দলৰ এজন বিধায়কৰ সহযেগত চৰকাৰ গঠন কৰিছিল । যদিও বিজেপি দলে এতিয়াও এই কুখ্যাত আইন খনক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই এই বিষয়টোৱে যে মণিপুৰৰ সমাগত নিৰ্বাচনত প্ৰভাৱ পেলাৱ সেয়া নিশ্চিত ।

মনকৰিবলগীয়া যে, যদিও ৬০ৰ দশকত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অশান্ত পৰিস্থিতিৰ বাবে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰযোজ্য কৰা হৈছিল । কালক্ৰমত যদিও এই আইনৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আইন শৃংখলা পৰিস্থিতি উন্নত হয় তথাপিও কিন্তু সেনা বাহিনীয়ে এই আইনৰ জৰিয়তে কৰা ক্ষমতাৰ অপব্যৱহাৰৰ বাবে জনসাধাৰনৰ মনত ভয় আৰু সংশয়ৰো সৃষ্টি কৰিছে ।

সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ বাবে মণিপুৰৰ লৌহ মানৱী ইৰম শৰ্মিলাৰ ১৬ বছৰীয়া অনশন আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰা মণিপুৰত ২০০০ চনৰ পৰা ২০১২ চনলৈ হোৱা ভুৱা এনকাউন্টাৰৰ বিচাৰৰ বাবে এক বিশেষ বিচাৰপীঠ গঠনৰ সিদ্ধান্ত গ্ৰহণেও সেনা বাহিনীয়ে উত্তৰ-পূৰ্বাঞ্চলত এই কুখ্যাত আইনৰ গইনা লৈ কৰা অপব্যৱহাৰৰ কথা সোঁৱৰাই দিয়ে ।

লগতে পঢ়ক : Pre Poll violence in Manipur : প্ৰাক নিৰ্বাচনী হিংসাত মণিপুৰত দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.