ETV Bharat / state

খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ শৰণাপন্ন অসহায় নৈপৰীয়া - EROSION IN DIBRUGARH

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 12:29 PM IST

Massive erosion in dibrugarh : জলদেৱতাক পূজা কৰি খহনীয়া প্ৰতিৰোধৰ বাবে ডিব্ৰুগড়ত হোমযজ্ঞ আৰু নাম কীৰ্তন কৰিলে ৰাইজে ৷ বাৰিষাৰ পূৰ্বে তীব্ৰতৰ হৈছে ডিব্ৰুগড়ৰ মোহনাঘাটৰ পৰা বগীবিল আইথানলৈকে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৷ টিংখাঙৰ মাটিকটা গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত হোমযজ্ঞ আৰু নাম কীৰ্তনেৰে ৰাইজে খহনীয়া প্ৰতিৰোধৰ কামনা কৰিলে ৷

Villagers of dibrugarh worship god for protection from massive erosion
গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ শৰণাপন্ন অসহায় নৈপৰীয়া (Etv bharat assam)

মৰাণ, 26 মে’: ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া সৃষ্টি হোৱাত শংকিত হৈ পৰিছে নৈৰ সমীপৱৰ্তী এলেকাৰ লোকসকল । বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ । ডিব্ৰুগড়ৰ মোহনাঘাট, কয়লাঘাটকে ধৰি বগীবিললৈকে সৃষ্টি হোৱা খহনীয়াই চকুৰ সন্মুখতে লৈ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষি ভূমি আদি । চহৰখনত বৰলুইতৰ খহনীয়াক লৈ আতংকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ শৰণাপন্ন অসহায় নৈপৰীয়া (Etv bharat assam)

ইটোৰ পিছত সিটো বাসগৃহ জাহ গৈছে বৰলুইতৰ বুকুত । টালি-টোপোলা লৈ নিৰাপদ দূৰত্বত অৱস্থান কৰিছে বহু নৈপৰীয়াই । ইফালে জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ'বেগ আৰু পাৰ্কুপাইন স্থাপন কৰিছে যদিও চকুৰ সন্মুখতে খহাই নিছে মৰমৰ ঘৰটোৰ ভেঁটি আৰু কৃষিভূমি । যাৰ বাবে উপায়ন্তৰ 25 খন গাঁৱৰ ৰাইজে মিলি শনিবাৰে জলদেৱতাক পূজা-অৰ্চনা কৰে ।

টিংখাঙৰ মাটিকটা গাঁৱৰ লোকসকলে ব্ৰহ্মপুত্ৰৰ পাৰত হোমযজ্ঞ আৰু নাম-কীৰ্তনেৰে খহনীয়া প্ৰতিৰোধৰ কামনা কৰে । জলসম্পদ বিভাগৰ প্ৰতিৰোধ ব্যৱস্থায়ো কাম নিদিয়াৰ পিছত শংকিত ৰাইজে এই পূজা অৰ্চনা কৰা কাৰ্যই স্বাভাৱিকতে জলসম্পদ বিভাগৰ কাম-কাজৰ ব্যৰ্থতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে ।

এই সন্দৰ্ভত ৰাইজে অভিযোগ তুলি কয়, "জলসম্পদ বিভাগে কেৱল খহনীয়াই ভয়ংকৰ ৰূপ লোৱা পাছতহে অধিক তৎপৰতা দেখুৱায় ৷ যাৰ ফলত খহনীয়াৰ স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ।"

জানিব পৰা মতে নৈপৰীয়া ৰাইজে X যোগেও কেন্দ্ৰীয় চৰকাৰক বিষয়টো সন্দৰ্ভত অৱগত কৰে ৷ অঞ্চলটোৰ ভুক্তভোগী ৰাইজে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা‌ গ্ৰহণ কৰিবলৈ দাবী জনাইছে । অসহায় ৰাইজে খহনীয়া ৰোধৰ বাবে হোমযজ্ঞ আৰু নাম কীৰ্তন অনুষ্ঠিত কৰাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: গৰাখহনীয়া ৰোধৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ; তদন্তৰ দাবী নৈপৰীয়া ৰাইজৰ - Bokakhat River erosion project

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.