ETV Bharat / bharat

দেশৰ ২২২ খন আৰু বিদেশৰ ৩ খন চহৰত অনুষ্ঠিত JEE Advanced - JEE Advanced 2024

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:44 AM IST

JEE Advanced 2024 : ভাৰতৰ অন্যতম কঠিন প্ৰৱেশ পৰীক্ষা JEE Advanced আজি অৰ্থাৎ দেওবাৰে দেশৰ ২২২ খন চহৰ আৰু বিদেশৰ ৩ খন চহৰত অনুষ্ঠিত হৈ আছে । আই আই টি মাদ্ৰাজৰ দ্বাৰা পৰিচালিত এই পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু দুপৰীয়া ২.৩০ বজাৰ পৰা ৫.৩০ বজালৈ অনুষ্ঠিত হ’ব ।

Jee Advanced 2024 Read these 10 things before going for the exam it will be helpful during the exam
দেশৰ ২২২ খন আৰু বিদেশৰ ৩ খন চহৰত অনুষ্ঠিত JEE Advanced (Etv Bharat)

নেশ্যনেল ডেস্ক, ২৬ মে' : আজি অৰ্থাৎ ২৬ মে'ত অনুষ্ঠিত হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি মাদ্ৰাজ, জইণ্ট এণ্ট্ৰেঞ্চ এক্জাম এডভাঞ্চ (JEE ADVANCED 2024) পৰীক্ষা । এই পৰীক্ষাৰ বাবে প্ৰায় ১.৯১ লাখ পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে । ইয়াৰে ৯৫ শতাংশ প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

JEE Advanced 2024 পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত অৰ্থাৎ পঢ়া আৰু পৰীক্ষাৰ সময়ত যদি কিছুমান কথা মনত ৰখা হয়, তেন্তে অপ্ৰয়োজনীয় মানসিক চাপ আৰু অস্থিৰতা এৰাই চলিব পাৰি । এই প্ৰতিবেদনৰ জৰিয়তে পঢ়ক এনে কিছু কথা যিবোৰ পৰীক্ষাৰ সময়ত কিছু সহায়ক বুলি প্ৰমাণিত হ’ব -

কোটাৰ দুটা কেন্দ্ৰতো প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব । আনহাতে দেশৰ ২২২ খন চহৰৰ প্ৰায় ১০০০ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব । একেদৰে বহিঃৰাজ্যৰ তিনিখন চহৰ আবুধাবি, কাঠমাণ্ডু আৰু ডুবাইত পৰীক্ষা কেন্দ্ৰ আছে ।

শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাৰ মতে, পৰীক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে । তেওঁ পৰীক্ষাৰ আগতে পৰীক্ষাৰ্থীসকলক এই কেইটামান টিপছৰ বিষয়ে উল্লেখ কৰিছে, যাৰ দ্বাৰা পৰীক্ষাৰ্থীসকল উপকৃত হ’ব ৷ সেইবোৰ তলত উল্লেখ কৰা হ’ল -

  1. পৰীক্ষাৰ্থীয়ে এনে এটা মানসিকতা হৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে যাতে যিটো প্ৰশ্নৰ উত্তৰ তেওঁ কৰিব নোৱাৰে সেই প্ৰশ্নৰ উত্তৰ আন কোনোৱে কৰিব নোৱাৰে ৷ এই মানসিকতা ল’লে তেওঁৰ আত্মবিশ্বাস হেৰাই নাযায় ।
  2. পৰীক্ষা দিবলৈ আহোতে আপোনাৰ বেগ বা আপোনাক পৰীক্ষা কৰিলে বিৰক্ত নহ’ব, এয়া স্বাভাৱিক । পৰীক্ষাৰ সময়ত দুবাৰকৈ পৰীক্ষাৰ্থীগৰাকীক সকলো পৰীক্ষা কৰাৰ অন্তত ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হয় ।
  3. কম্পিউটাৰ চিষ্টেমৰ কিবা বিজুতি ঘটিলে আতংকিত নহ’ব ৷ তৎক্ষণাত এই সন্দৰ্ভত দায়িত্বত থকা বিভাগীয়া বিষয়াক জনাওক । দায়িত্বত থকা বিভাগীয়া বিষয়াক অৱগত কৰাৰ পাচতহে আপোনাক অতিৰিক্ত সময় দিয়া হ’ব ।
  4. পৰীক্ষাত অৱতীৰ্ণ হোৱা আন পৰীক্ষাৰ্থীৰ মানসিক অৱস্থা লৈ অন্যমনস্ক নহ’ব ৷ কেৱল নিজৰ প্ৰশ্নকাকতত মনোনিৱেশ কৰক ।
  5. লিখিত পৰীক্ষাৰ সময় ৩ ঘণ্টা ৷ এনে পৰিস্থিতিত সম্পূৰ্ণ মন-মগজু লগায় কাম কৰক ৷ লিখিত পৰীক্ষাৰ ৩ ঘণ্টাৰ বহি লিখাৰ বাবে নিজকে প্ৰস্তুত কৰক ৷
  6. প্ৰশ্নকাকত ১ আৰু ২ ৰ মাজত কিছু সময়ৰ ব্যৱধান থাকে ৷ এই সময়ছোৱাৰ ১ নং প্ৰশ্নকাকতৰ সম্পৰ্কত আলোচনা কৰাতো উচিত নহয় । এই আলোচনাই প্ৰাৰ্থীসকলৰ মনোবল হ্ৰাস কৰিব পাৰে ।
  7. প্ৰশ্নকাকত ১ ৰ সহজতা বা কঠিনতাৰ ভিত্তিত প্ৰশ্নকাকত ২ ৰ বিষয়ে কোনো ধৰণৰ ধাৰণা নকৰিব ।
  8. প্ৰশ্নকাকত ১ আশা কৰা ধৰণে ভাল নহ'লে নিৰুৎসাহিত নহ'ব । প্ৰশ্নকাকত ২ সম্পূৰ্ণ নিষ্ঠাৰে কৰক ।
  9. প্ৰশ্নকাকত ১ ৰ পিছত আপোনাৰ মনোভাৱ কাকো নেদেখুৱাব যে আপোনাৰ প্ৰশ্নকাকতখন আশা কৰা ধৰণে হোৱা নাই ৷

লগতে পঢ়ক: চিকিৎসালয়ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হ’ল 6 শিশু - Fire In Delhi Baby Care Hospital

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.