ETV Bharat / state

বৰপেটাত সন্দেহযুক্ত ৫০০ বেগ বাৰ্মিজ চুপাৰী জব্দ

author img

By

Published : Jan 17, 2022, 10:49 PM IST

বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই আছে অভিযান (Assam police on mission against burmese betel nut) ৷ বৰপেটাৰ হাউলীত আৰক্ষীয়ে উদ্ধাৰ কৰিলে সন্দেহজনক ৫০০ বেগ বাৰ্মিজ চুপাৰী ৷

suspected burmese betel nut seized in Barpeta
বৰপেটাত অভিযান চলাই সন্দেহযুক্ত ৫০০ বেগ বাৰ্মিজ চুপাৰী জব্দ কৰিলে আৰক্ষীয়ে

বৰপেটা, 17 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে বৰপেটাৰ হাউলীতো আৰক্ষীৰ অভিযান (Assam police on mission against burmese betel nut) ৷ গোপন খবৰৰ ভিত্তিত আজি বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত হাউলী আৰক্ষীয়ে নগৰখনৰ চোহানা ট্রেডিং নামৰ এটা গুদামত চলালে অভিযান ৷

এই অভিযানত প্ৰায় ৫০০ বেগ সন্দেহযুক্ত বাৰ্মিজ চুপাৰী জব্দ কৰা বুলি উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাই জানিবলৈ দিয়ে (suspected burmese betel nut seized in Barpeta) ৷

ইয়াৰোপৰি, গুদামটোৰ চিচিটিভি আৰু দুটা ম’বাইল ফোন আৰক্ষীয়ে জব্দ কৰা বুলি উপ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে ৷ জানিব পৰা মতে, জব্দ কৰা চুপাৰী গুদামটোৰ মালিক জনৈক চহিদুল ইছলাম ৷ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাই জনোৱা অনুসৰি, সন্দেহজনক বাৰ্মিজ চুপাৰীৰ নমুনা ফৰেনচিক লেবৰেটৰী, ফুড চিকিউৰিটি আৰু কৃষি বিভাগলৈ পঠোৱা হ’ব বুলি ৷

উল্লেখ্য যে, কিছুদিন পুৰ্বেও আৰক্ষীয়ে হাউলীত জব্দ কৰিছিল প্রায় 115 বেগ সন্দেহ যুক্ত বাৰ্মিজ চুপাৰী ৷

লগতে পঢ়ক : Anti Drugs Mission in Assam : ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.