ETV Bharat / bharat

ধঁপাত সেৱনে বৃদ্ধি কৰে কৰ’ণাত আক্ৰান্তৰ সম্ভাৱনা : সমীক্ষা

author img

By

Published : Jan 17, 2022, 10:10 PM IST

যিসকল লোকে ই-চিগাৰেট সেৱন কৰে আৰু ক’ভিড-19 ৰ বাবে শাৰিৰীক নমুনাৰ পৰীক্ষা কৰে, তেওঁলোকে সহজে ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ শেহতীয়াকৈ মায়’ ক্লিনিকৰ এক অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য ৷

vaping-increases-frequency-of-covid-symptoms-study
ধঁপাত সেৱনে বৃদ্ধি কৰে কৰ’ণাত আক্ৰান্তৰ সম্ভাৱনা

কৰ’ণা ভাইৰাছৰ সাধাৰণ লক্ষণসমূহ হৈছে মূৰৰ বিষ, পেশীৰ বিষ, বুকুৰ বিষ, ওকালি অহা আৰু বমি, ডায়েৰিয়া, গোন্ধ বা সোৱাদৰ অনুভূতি হেৰুওৱা ইত্যাদি ৷ যিসকল লোকে ধঁপাত নাইবা ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰে, তেওঁলোকৰ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ প্ৰৱণতা তুলনামূলকভাৱে অন্যতকৈ বেছি ৷

Journal of Primary Care & Community Health ত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে এই কথা ৷ অৰ্থাৎ যিসকল লোকে ধঁপাত সেৱন কৰিছিল আৰু কৰ’ণাৰ পৰীক্ষাৰ বাবে চিকিৎসকৰ কাষ চাপিছিল, তেওঁলোকৰ কৰ’ণাত আক্ৰান্ত হোৱাৰ প্ৰৱণতা ধঁপাত সেৱন নকৰা লোকৰ তুলনাত অধিক দেখা গৈছিল ৷

এই অধ্যয়নটো ক’ভিড-19 ৰ সাধাৰণ লক্ষণবোৰৰ প্ৰৱণতা নিৰ্ধাৰণ কৰাৰ বাবে কৰা হৈছিল ৷ ধঁপাত সেৱন নকৰা লোকসকলৰ তুলনাত ধঁপাত সেৱন কৰা লোকসকলে সোৱাদ বা গোন্ধ হেৰুওৱা, মূৰৰ বিষ, পেশীৰ বিষ, কৰ’ণা ৰোগীৰ বুকু টান হোৱা আদি সমস্যাত ভোগা বুলি মায়’ ক্লিনিকৰ ডেভিদ মেকফেডেনে সদৰী কৰিছিল ।

দলটোৱে 280 ৰো অধিক ক’ভিড আক্ৰান্ত ধঁপাত সেৱনকাৰী লোকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল ৷ তদুপৰি সেইসকলক একে বয়স আৰু লিংগৰ ভিত্তিত 1,445 গৰাকী ধঁপাত সেৱন নকৰা কৰ’ণা আক্ৰান্ত লোকৰ সৈতে তুলনা কৰিছিল ৷ গৱেষকসকলে কৈছিল যে, কৰ’ণাৰ সাধাৰণ লক্ষণবোৰ ধঁপাত সেৱনকাৰী লোকৰ ক্ষেত্ৰত সহজে আৰু সঘনাই দেখা দিছিল ৷

যোৱা এক দশকত ই-চিগাৰেটৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে, বিশেষকৈ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু যুৱপ্ৰজন্মৰ মাজত ৷ এনে বহুতো অধ্যয়নৰ ফলাফল পূৰ্বে প্ৰকাশিত হৈছে, য’ত ই-চিগাৰেট ব্যৱহাৰ হাওঁফাওঁৰ ক্ষতিসাধন কৰাৰ কথা প্ৰকাশ পাইছে ৷

চিগাৰেট সেৱন কৰাৰ ফলত একাংশ সেৱনকাৰীৰ হাওঁফাওঁত গুৰুতৰ বিসংগতি হোৱাৰ সম্ভাৱনা থাকে বুলি সদৰী কৰিছে মায়’ ক্লিনিকৰ পালম’ন’লজিষ্ট তথা বিশেষজ্ঞ ৰবাৰ্ট ভাছালোৱে ৷

এই গৱেষণাটো ই-চিগাৰেটৰ ব্যৱহাৰে ক’ভিড সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে নে নাই তাক পৰীক্ষা কৰাৰ চলোৱা হৈছিল ৷ গৱেষণাৰ অন্তত এই কথা স্পষ্ট হৈ পৰিছে যে, যিসকলে ধঁপাতজাতীয় সামগ্ৰী বিশেষকৈ চিগাৰেট সেৱন নকৰে, তেওঁলোকৰ তুলনাত সেৱন কৰাসকলে অধিক পৰিমাণে কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হয় ।

তদুপৰি ইয়াৰ সাধাৰণ লক্ষণসমূহ যেনে- জ্বৰ, মূৰৰ বিষ, ভাগৰ অনুভৱ কৰা আদিয়ে এনে ব্যক্তিৰ শৰীৰত সহজে দেখা দিয়ে ৷ যিহেতু শ্বাস-প্ৰশ্বাসজনিত কাৰকৰ সৈতে কৰ’ণা মহামাৰীৰ লক্ষণবোৰ সম্পৰ্কিত, সেয়ে ধঁপাতজাতীয় সামগ্ৰীৰ সেৱন, ই-চিগাৰেট আদিৰ ব্যৱহাৰ হ্ৰাস কৰা উচিত বুলি ভাছালোৱে কয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.