ETV Bharat / bharat

ক’ভিডৰ বাবে নহয়, গুৰু জয়ন্তীৰ বাবে পিছুৱালে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন

author img

By

Published : Jan 17, 2022, 3:31 PM IST

পিছুৱাই দিয়া হৈছে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ৷ সেই অনুসৰি পূৰ্বৰ 14 ফেব্ৰুৱাৰীৰ সলনি ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব 20 ফেব্ৰুৱাৰীতহে ৷ সোমবাৰে দেশৰ নিৰ্বাচনী আয়োগে সদৰী কৰিছে এই কথা (ECI defers dats for punjab election) ৷

ECI defers punjab election date for guru ravidas jayanti
গুৰু জয়ন্তীৰ বাবে পিছুৱালে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন

নেশ্যনেল ডেস্ক, ১৭ জানুৱাৰী : ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই দেশৰ নিৰ্বাচন আয়োগে ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ দিন ২০ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়ে (ECI defers dats for punjab election) । নিৰ্বাচন আয়োগে পঞ্জাৱৰ ১১৭ টা বিধানসভা সমষ্টিত ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ।

পৰৱৰ্তী সময়ত ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলসমূহে ১৪ ফেব্ৰুৱাৰীত গুৰু ৰবিদাস জয়ন্তীৰ বাবে বিধানসভা নিৰ্বাচন পিছুৱাবলৈ দাবী কৰিছিল । এই দাবীৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন ২০ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়ে ।

উল্লেখ্য যে, ৰাজ্যখনৰ লোকসকলৰ বাবে বিশেষকৈ দলিত সম্প্ৰদায়ৰ লোকসকলৰ বাবে গুৰু ৰবিদাস জয়ন্তী এক গুৰুত্বপূৰ্ণ উৎসৱ ৷ প্ৰায় ২০ লাখ লোক এই জয়ন্তী উপলক্ষে উত্তৰ প্ৰদেশৰ বাৰাণসীলৈ যাত্ৰা কৰিব আৰু তেওঁলোকে ১৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ভোটদানৰ পৰা বিৰত থাকিব লাগিব । যাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ দিন পিছুৱাই দিবলগীয়া হৈছে ৷

লগতে চাওক: ছন্দত যতি পৰিল ভাৰতীয় কথক নৃত্যৰ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে পণ্ডিত বিৰ্জু মহাৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.