ETV Bharat / city

Assam COVID update: সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬৯৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত

author img

By

Published : Jan 17, 2022, 10:42 PM IST

সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬৯৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে (COVID cases in Guwahati) ৷ ভোগালী বিহুৰ পিছতে এতিয়া ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে । সবিশেষ জানো আহক ৷

covid-cases-are-increasing-in-assam
Assam COVID update: ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

গুৱাহাটী, 17 জানুৱাৰী : ভোগালী বিহুৰ পিছতে ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে (Increasing COVID cases in Assam) । বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে (COVID cases in Guwahati) ৷ ভোগালী বিহুৰ পিছতে ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে ৷ সোমবাৰৰ দিনটোত ৰাজ্য তথা গুৱাহাটীত যোৱা ছমাহৰ ৰেকৰ্ড ভংগ কৰি কোভিড আক্ৰান্তৰ সংখ্যা ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ।

দৈনিক দুগুন হাৰত আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। স্বাস্থ্য বিভাগৰ শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬৯৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১৪৯১ গৰাকী লোক গুৱাহাটী মহানগৰীৰ । সোমবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ ১০.৭৫ শতাংশ । ১১ গৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে । সোমাবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ আৰু ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু সংখ্যা যোৱা ছমাহৰ ভিতৰতে সৰ্বাধিক ।

মনকৰিবলগীয়া যে, ৰাজ্যত আক্ৰান্তৰ হাৰ আৰু কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু সংখ্যা ভয়াবহ ৰূপত বৃদ্ধি পোৱাৰ বিপৰীতে কোভিডত আৰোগ্য হোৱাৰ হাৰ কমি আহিছে। সোমাবাৰৰ দিনটোত কোভিডত আৰোগ্য হোৱাৰ ৯৫.১৮ ।

উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা দেওবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ২৭০৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছিল। ইয়াৰে ৯১২ গৰাকী লোক আছিল গুৱাহাটী মহানগৰী । আকৌ যোৱা শণিবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৩৩৯০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছিল । ইয়াৰে ৯১৯ গৰাকী আছিল গুৱাহাটী মহানগৰীৰ । আনহাতে যোৱা শুক্ৰবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ২৩৪৮ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছিল ।

ইয়াৰে ৮৭০ গৰাকী আছিল। গুৱাহাটী মহানগৰীৰ ৰাজ্য তথা গুৱাহাটী মহানগৰীত আক্ৰান্তৰ হাৰ আৰু মৃত্যুৰ আৰ দৈনিক প্ৰায় দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । ইপিনে ক'ভিড হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । মনকৰিবলগীয়া যে, গুৱাহাটী মহানগৰী ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে। স্বাস্থ্য বিভাগে গুৱাহাটীৰ কেইবাটাও স্থানক ক'ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে (Guwahati city becomes Covid hotspot) ।

মহানগৰীৰ সৰ্বত্ৰে ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে যলিও মালিগাঁও, পাণ্ডু, ফটাশিল, ৰাজগড়, চানমাৰি, বেলতলা, বশিষ্ঠপুৰ, লাচিতনগৰ, ফাচীবজাৰ অঞ্চলত হটস্পট হিচাপে চিনাক্ত কৰা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে । আনহাতে ৰাজ্যৰ ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু বৰপেটা জিলাত কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি আছে। উল্লেখ্য যে ভোগালী বিহুৰ কেইদিনত প্ৰশাসনে কোভিড প্ৰটকল বহু পৰিমাণে শিথিল কৰিছিল।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী আৰু বিধায়ক অমিয় ভূঞাৰ বিতৰ্ক সন্দৰ্ভত DGP ক অভিযোগ দাখিল ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.