ETV Bharat / state

মুখ্যমন্ত্ৰী আৰু বিধায়ক অমিয় ভূঞাৰ বিতৰ্ক সন্দৰ্ভত DGP ক অভিযোগ দাখিল ভূপেন বৰাৰ

author img

By

Published : Jan 17, 2022, 6:03 PM IST

নগাঁৱৰ জিলা উপায়ুক্তক ৰাজহুৱাভাৱে অপমান কৰা মুখ্যমন্ত্ৰী (Assam cm scolds IAS officer) আৰু নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বিজেপিৰ স্থানীয় বিধায়কজনৰ বিৰুদ্ধে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

apcc-president-bhupen-bora-complaints-dgp-about-politician-misbehaving-government-officers
মুখ্যমন্ত্ৰী আৰু বিধায়ক অমিয় ভূঞাৰ বিতৰ্ক সন্দৰ্ভত DGP ক অভিযোগ দাখিল ভূপেন বৰাৰ

গুৱাহাটী, 17 জানুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Bora) দলীয় প্ৰতিনিধিৰ সৈতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি নগাঁৱৰ জিলা উপায়ুক্তক ৰাজহুৱাভাৱে অপমান কৰা মুখ্যমন্ত্ৰী(Assam cm scolds IAS officer) আৰু নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বিজেপিৰ স্থানীয় বিধায়ক (Death threat to police officer by BJP MLA) জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ।

ৰাজ্যখনত বৰ্তমান উদণ্ড, উশৃংখল আৰু সন্ত্ৰাসপ্ৰিয় মানুহৰ দ্বাৰা শাসন চলিছে বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীত থকা ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত সভাপতি ভূপেন বৰাই এই অভিযোগ তুলি কয় যে, ৰাজ্যত ৰাজ্যৰ শাসনত থকা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী আৰু বিধায়কসকল উদণ্ড আৰু সন্ত্ৰাসপ্ৰিয়, এওঁলোকে মাত্ৰ সন্ত্ৰাস বিয়পাই ভালপায় ।

ভূপেন বৰাই নগাঁৱৰ জিলা উপায়ুক্তক মুখ্যমন্ত্ৰীয়ে ধমক দিয়াৰ ঘটনা উল্লেখ কৰি কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন কৰ্তব্যৰত আই এছ বিষয়াক ৰাজহুৱাভাৱে অপমানিত কৰিছে । নগাঁৱৰ জিলা উপায়ুক্তগৰাকীয়ে আইনৰ আওতাত থাকি মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে দায়িত্ব পালন কৰিছিল ।

Z+ নিৰাপত্তাৰ মাজত থকা মুখ্যমন্ত্ৰীক নিৰ্দিষ্ট আইনৰ ভিত্তিত নিৰাপত্তা দিয়াতো জিলা উপায়ুক্তগৰাকীৰ কৰ্তব্য, তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইন সলনি কৰক । কিন্তু তেনে নকৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্তব্যৰত আই এছ বিষয়াগৰাকীক ৰাজহুৱাভাবে অপমানিত কৰিছে ।

এইক্ষেত্ৰত IAS association মৌন কিয় বুলি ভূপেন বৰাই প্ৰশ্ন কৰে । তেওঁ কয় যে, এই সন্দৰ্ভত তেওঁ IAS association লৈ পত্ৰ লিখিব (APCC president Bhupen Bora's letter to IAS association) ।

ইপিনে ভূপেন বৰাই নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক মাধৱদেৱ কলাক্ষেত্ৰৰ চৌহদ লণ্ড-ভণ্ড কৰা একাংশ উদণ্ডক আটক কৰাৰ বাবে বিজেপিৰ স্থানীয় বিধায়কক প্ৰাণে মৰাৰ ভাবুকি দিয়া ঘটনাক গৰিহণা জনায় ।

সংবাদমেলত ভূপেন বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এষাৰি উদ্ধৃতি কয় যে, ৰাজ্যত এতিয়া জনতাৰ ভাও দিয়া ঘৃণিত অহংকাৰীৰ নেতৃত্বত শাসন চলিছে । যাৰ স্বৰূপ ৰাইজে বুজিছে ।

ইপিনে সংবাদমেলৰ শেষত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক সাক্ষাৎ কৰি দুয়োটা বিষয় সন্দৰ্ভত অভিযোগ দাখিল কৰে ।

লগতে পঢ়ক : আৰক্ষীক ধমকি প্ৰদানকাৰী বিধায়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.