ETV Bharat / state

এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ পদত্যাগ - AIUDF MLA Aminul Islam resgins

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 2:08 PM IST

Aminul Islam resgins : এআইইউডিএফত আন এক আঘাত । বিধায়ক আমিনুল ইছলামে কৰিছে দলৰ পৰা পদত্যাগ ৷

Aminul Islam resgins
এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ পদত্যাগ (Etv Bharat)

গুৱাহাটী, ১০ জুন : এইবাৰৰ লোকসভা নিৰ্বাচনত ধুবুৰীত বদৰুদ্দিন আজমলৰ লগতে আন দুটা সমষ্টিত শোচনীয় পৰাজয়ৰ গ্লানিয়ে খেদি ফুৰিছে এআইইউডিএফৰ নেতা-কৰ্মীক ৷ এনে সময়তে AIUDF ত পৰিছে এক মোক্ষম আঘাত । দলটোৰৰ সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিছে দলটোৰ জ্যেষ্ঠ নেতা আমিনুল ইছলামে ।

আজমল নেতৃত্বাধীন AIUDF ৰ সাংগঠনিক সাঃ সম্পাদকৰ দায়িত্বত আছিল আমিনুল ইছলাম ৷ লগতে মানকাচৰৰ এআইইউডিএফৰ বিধায়কৰূপে কাৰ্যনিৰ্বাহ কৰি আছে আমিনুল ইছলামে । লোকসভা নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থীৰ শোচনীয় পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে আমিনুল ইছলামে ৷

Aminul Islam resgins
বিধায়ক আমিনুল ইছলামৰ পদত্যাগ (ETV Bharat Assam)

এইবাৰ লোকসভা নিৰ্বাচনত কেৱল সংখ্যালঘু ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল এআইইউডিএফ দলে ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও - এই তিনিটা লোকসভা সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিল । তিনিওটা সমষ্টিতে সংখ্যালঘু মুছলমান ৰাইজে প্ৰত্যাখ্যান কৰাৰ ফলত বেয়াকৈ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় বদৰুদ্দিন আজমলৰ ৰাজনৈতিক দলটো ।

লগতে পঢ়ক : প্ৰসংগ- মন্ত্ৰিত্ব ! ২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি অচিৰেই সলনি হ’ব হিমন্ত বিশ্বৰ ব্ৰিগেড; কাৰ কাৰ ফুলিব কপাল ? - Lok Sabha Election Results 2024

কেৱল পৰাজয়েই নহয় - আমানতৰ ধন পৰ্যন্ত হেৰুৱাবলগীয়া হয় কৰিমগঞ্জ আৰু নগাঁও সমষ্টিতো । তিনিবাৰৰ সাংসদ এআইইউডিএফৰ সভাপতি আজমলৰ প্ৰায় ১০,০৮,০০০ ভোটত পৰাজয়ে আটাইতকৈ বেছি কঁপাই তুলিছে দলটোৰ ভেঁটি ।

এসময়ত ধুবুৰী লোকসভা সমষ্টিত আজমলৰ দূৰ্গ স্বৰূপ আছিল মানকাচৰ ৷ এই মানকাচৰতেই শোচনীয় ৰূপত হাৰিছে আজমল । সেয়ে মানকাচৰৰ বিধায়ক তথা আমিনুল ইছলামে দলীয় সকলো বিষয়বাবৰ পৰা অব্যাহতি লোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখ্য যে, লোকসভাৰ পৰাজয়ৰ পিচত সমগ্ৰ অসমতে সোলোক-ঢোলোক হৈ পৰিছে আজমলৰ এআইইউডিএফ দলৰ দলীয় সংগঠন । এআইইউডিএফৰ কেইবাগৰাকীও বিধায়কে দল এৰি কংগ্ৰেছত যোগদানৰ বাবে কংগ্ৰেছৰ সৈতে যোগাযোগত আছে বুলিও ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ।

তাৰ মাজতে আজি আজমলৰ ঘনিষ্ঠ আইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ দলীয় সকলো বিষয়বাব ত্যাগ কৰা বিষয়টোৱে এআইইউডিএফৰ ভিতৰচ’ৰাত আলোড়ন তুলিছে ।

লগতে পঢ়ক : ইউ এম এফৰ দৰেই অতীত হোৱাৰ দিশে এ আই ইউ ডি এফ ! - AIUDF History and Its Present Situation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.