ETV Bharat / bharat

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE

author img

By PTI

Published : Jun 10, 2024, 1:52 PM IST

Updated : Jun 10, 2024, 2:16 PM IST

Attack on Manipur CM's convoy : মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ কোনো সন্দেহজনক দুৰ্বৃত্তই কৰা এই আক্ৰমণত আহত হৈছে এজন ৷ পুনৰ জিলাখনত গোষ্ঠী সংঘৰ্ষৰ জুই উমি উমি জ্বলা দেখা পোৱা গৈছে ৷

Attack on Manipur CM's convoy
মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত (Etv Bharat)

তেজপুৰ, 10 জুন : পুনৰ অগ্নিগৰ্ভা হ’ব ধৰিছে সাতভনীৰ অন্যতম ৰাজ্য মণিপুৰ ৷ ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষই প্ৰায় এবছৰ অতিক্ৰম কৰাৰ পিছতে পুনৰ এই জুইৰ ছিটিকনি বিয়পিব ধৰিছে ৰাজ্যখনৰ ন ন অঞ্চললৈ ৷ বিগত তিনিদিন ধৰি জিৰিবাম জিলাত গোষ্ঠী সংঘৰ্ষই গা কৰি উঠাৰ সময়তে সোমবাৰে সংঘটিত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি কৰা গুলীচালনাৰ ঘটনা ৷

কোনো সন্দেহযুক্ত উগ্ৰপন্থীয়ে সোমবাৰে কাংপোকপি জিলাত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক উদ্দেশ্যি গুলীচালনা কৰে ৷ এই ঘটনাত এজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ এই কনভয়টো জিৰিবাম জিলালৈ গৈ থকা অৱস্থাতে এই ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE

প্ৰাপ্ত তথ্য অনুসৰি, পুৱা 10.30 বজাত কনভয়টো গৈ থকা অৱস্থাতে কোনো অচিনাক্ত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ বাহনসমূহক উদ্দেশ্যি ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৷ 53 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোটলেন নামৰ গাঁৱখনৰ সমীপৰ টি লাইজাঙত এতিয়াও গুলীচালনা অব্যাহত থকা বুলি জানিব পৰা গৈছে ৷

অৱশ্যে সেই সময়ত নিৰাপত্তাৰক্ষীৰ কনভয়ৰ সৈতে উপস্থিত নাছিল মুখ্যমন্ত্ৰী এন বীৰেন সিং ৷ নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুসময় পূৰ্বেহে উপস্থিত হয় ইম্ফলত ৷ বিপৰীতে ৰাজ্যপাল অনুসূয়া উইকে বৰ্তমান নতুন দিল্লীতে আছে ।

উল্লেখ্য যে, শনিবাৰে কোনো সন্দেহযুক্ত উগ্ৰপন্থীয়ে জিৰিবামত দুখনকৈ আৰক্ষী চকী, এটা বন বিভাগৰ বিট কাৰ্যালয় আৰু কমেও ৭০ টাকৈ নিৰীহৰ ঘৰ জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছিল ৷

বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই ঘটনাৰ পিছতে সেনাবাহিনী আৰু আৰক্ষীয়ে সমগ্ৰ অঞ্চলত আৰম্ভ কৰিছে তীব্ৰ অভিযান । অসম ৰাইফলছৰ দল, চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ বিশেষ দলে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক: মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন : এতিয়াও উমি উমি জ্বলি আছে প্ৰকৃতিৰ ৰম্যভূমি - Manipur conflicts

Last Updated : Jun 10, 2024, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.