ETV Bharat / sports

পাকিস্তানৰ বিৰুদ্ধে বিজয়ী স্পেল; বুমৰাহক প্ৰশংসা তাৰকা ক্ৰিকেটাৰৰ - T20 WORLD CUP 2024

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 1:07 PM IST

ICC T20 World Cup 2024: পাকিস্তানৰ বিৰুদ্ধে দেওবাৰৰ খেলখনত ভাৰতে ৬ ৰাণৰ ব্যৱধাৱত জয়ী হয় । ভাৰতৰ বিজয়ত বুমৰাহৰ অৱদান যথেষ্ট আছিল । বুমৰাহে ১৪ ৰাণ দি ৩ টা উইকেট দখল কৰে । বুমাৰহৰ এই প্ৰদৰ্শনক লৈ আনন্দিত বিশ্বৰ প্ৰাক্তন ক্ৰিকেটাৰসকল ।

ICC T20 World Cup 2024
বুমৰাহক প্ৰশংসা তাৰকা ক্ৰিকেটাৰৰ (ETV Bharat)

স্পৰ্টছ ডেস্ক, ১০ জুন : নিউয়ৰ্কৰ নাছাউ কাউণ্টি ষ্টেডিয়ামত দেওবাৰে বহু প্ৰত্যাশিত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হয় । খেলখনত ভাৰতে পাকিস্তানক ৬ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে । বিশ্ববাসীয়ে গভীৰ আগ্ৰহেৰে এই খেলখনলৈ অপেক্ষা কৰি আছিল । কিয়নো এদিনীয়া বিশ্বকাপৰ পিচত এইখন ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰথম খেল আছিল ।

ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা প্ৰতিখন খেলে বছৰ বছৰ ধৰি বহু চৰ্চা লাভ কৰি আহিছে । দেওবাৰৰ খেলখনো বহু চৰ্চিত আছিল । ইফালে খেলখনত ভাৰতৰ বিজয়ৰ লগে লগে ক্ৰিকেট তাৰকাসকলে দলটোক অভিনন্দন জনাইছে ।

ষ্টেডিয়ামত উপস্থিত থকা ভাৰতৰ ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰেও ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে । সামাজিক মাধ্যমৰ এটা পোষ্টত তেণ্ডুলকাৰে ভাৰতীয় বলাৰসকলৰ প্ৰশংসা কৰে ।

২০০ খন টেষ্ট খেলা তেণ্ডুলকাৰে এক্সৰ এটা পোষ্টত লিখিছে, "ভাৰত বনাম পাকিস্তান । নতুন মহাদেশ, একেই ফলাফল ।" তেওঁ লগতে কয় যে টি-২০ বেটছমেনৰ খেল হ'লেও নিউয়ৰ্কত বলাৰসকল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল । তেওঁৰ মতে খেলখন অতি ৰোমাঞ্চকৰ আছিল । তেণ্ডুলকাৰৰ মতে আমেৰিকাৰ মহান পৰিৱেশত ভাৰতৰ খেলুৱৈসকলৰ এক আশ্চৰ্যকৰ প্ৰদৰ্শনী আছিল ।

তেওঁ লগতে কয় যে দলটোৱে ভাল খেলিছে । ভাৰতৰ প্ৰাক্তন বেটছমেন বীৰেন্দ্ৰ ছেহৱাগেও বলিঙৰ সৈতে তেওঁৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে বুমৰাহক প্ৰশংসা কৰে । ছেহৱাগে এক্সৰ এটা পোষ্টত হিন্দীত লিখিছে, "হাৰ চে জিতানে ৱালে কো বুমৰাহ কেহতে হে ।" তেওঁৰ মতে নিউয়ৰ্কত বুমৰাহৰ এক অতুলনীয় স্পেল আৰু ভাৰতীয় দলৰ এক অতি বিশেষ জয় আছিল ।

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনেও কয় যে কেতিয়াবা দুৰ্বল পিটচত সৰ্বশ্ৰেষ্ঠ খেল দেখা যায় । ভাৰত বনাম পাকিস্তানৰ খেলখনত তাৰ ভিতৰত অন্যতম আছিল । পাকিস্তানে জয়ী হ'ব বুলি কেৱল বিশ্বাস কৰাই নহয় ই সৰল বুলিও ভাবিছিল । আনহাতে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানেও এক্সৰ এটা পোষ্টত গুজৰাটৰ পেচাৰ বুমৰাহক প্ৰশংসা কৰে । বুমৰাহক নায়ক বুলি অভিহিত কৰে ।

ইফালে, কেইবাগৰাকী অনুৰাগীয়ে জম্মুৰ লগতে দেশৰ বিভিন্ন চহৰত ৰাজপথলৈ ওলাই আহে আৰু চিৰপ্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ভাৰতৰ জয় উদযাপন কৰে । ২০০৭ চনত আৰম্ভ হোৱা টি-২০ বিশ্বকাপত ভাৰতে মাত্ৰ এবাৰহে পাকিস্তানৰ হাতত পৰাজিত হৈছে । বাকী সকলো ছিজনতে ভাৰত বিজয়ী হৈ আহিছে ।

দেওবাৰৰ খেলখনত বুমৰাহে আকৰ্ষণীয় প্ৰদৰ্শন দেখুৱাই ৩ টা উইকেট লাভ কৰে । যাৰ বাবে বুমৰাহক প্লেয়াৰ অফ দ্য মেচ খিতাপ দিয়া হয় । একেদৰে বাওঁহাতৰ পেচাৰ অৰ্শদীপ সিঙকে ধৰি আন বলাৰসকলেও উন্নত প্ৰদৰ্শন দেখুৱায় । ফলস্বৰূপে ভাৰতীয় দলটোৱে পাকিস্তানক ৬ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :ভাৰতৰ এফআইএইচ হকী প্ৰ'লীগ ২০২৩/২৪ অভিযান সমাপ্ত - FIH Pro League

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.