ETV Bharat / city

শিল্পী দিৱসত ৰাজ্যৰ স্বনামধন্য শিল্পীলৈ ৰাজ্য চৰকাৰে যাঁচিলে সন্মান

author img

By

Published : Jan 17, 2022, 8:48 PM IST

বিশিষ্ট সংগীত শিল্পী ড° অপর্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক প্ৰদান কৰা হ’ল ২০২২ বৰ্ষৰ শিল্পী বঁটা (Silpi award to Arpana Bujarbaruah and Pulak Banerjee) । অসম চৰকাৰৰ শিল্পী দিৱস (Assam government observes Sipi divas) ৰ অনুষ্ঠানত প্ৰদান কৰা হ'ল শিল্পী বঁটা আৰু শিল্পী পেঞ্চন ।

assam-government-observes-sipi-divas-awarding-artist-of-the-state
শিল্পী দিৱসত ৰাজ্যৰ স্বনামধন্য শিল্পীলৈ ৰাজ্য চৰকাৰে যাঁচিলে সন্মান

গুৱাহাটী, ১৭ জানুৱাৰী : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মহাপ্ৰয়াণৰ দিনটোতে ৰাজ্যৰ কেইবাগৰাকীও বৰেণ্য শিল্পীলৈ চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হয় কেইবাটাও বঁটা আৰু সন্মান । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোমবাৰে বিয়লি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত শিল্পী দিৱসৰ অনুষ্ঠানত ২০২২ বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হয় আকাশবাণীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অসমৰ প্ৰথমগৰাকী মহিলা সংগীতকাৰ ড৹ অপৰ্ণা বুজৰবৰুৱা আৰু বৰেণ্য কণ্ঠশিল্পী পুলক বেনাৰ্জীক (Silpi award to Arpana Bujarbaruah and Pulak Banerjee) ।

শিল্পী দিৱসত ৰাজ্যৰ স্বনামধন্য শিল্পীলৈ ৰাজ্য চৰকাৰে যাঁচিলে সন্মান

একেদৰে ২০২১ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা (Bishnu Rabha award of Assam government) প্ৰদান কৰা হয় বিশিষ্ট চিত্ৰ আৰু ভাস্কৰ্য শিল্পী সোণাৰাম নাথ আৰু সুকনানী ওজাপালিৰ অন্যতম সাধক দ্ৰোণ ভূঞাক । অনুৰূপভাৱে ২০২১ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা হয় অসমৰ নাট্য জগতৰ এক পৰিচিত ব্যক্তিত্ব, বিশিষ্ট নাট্যকাৰ অবিনাশ শৰ্মালৈ ।

আনহাতে, মঞ্চ আৰু ছবিজগতৰ জনপ্ৰিয় অভিনেতা উপকুল বৰদলৈ আৰু বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ উপেন ৰাভা হাকাচামক প্ৰদান কৰা হয় ক্ৰমে ২০২১ বৰ্ষৰ সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকা বঁটা আৰু ২০২১ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা ৷

আজিৰ এই বৰ্ণাঢ্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে এই সাতগৰাকী বিশিষ্ট শিল্পী আৰু সাহিত্যিকক বঁটাসমূহ প্ৰদান কৰে । অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংসদ ভূৱনেশ্বৰ কলিতা উপস্থিত থাকে । এই অনুষ্ঠানতে ৫০ গৰাকী প্ৰবীণ শিল্পীলৈ আগবঢ়োৱা হয় ২০২১ বৰ্ষৰ শিল্পী পেঞ্চন (State Government's artist pension) ।

উল্লেখযোগ্য যে, পূৰ্বৰে পৰা ১৫ আগষ্টৰ দিনটোত শিল্পী পেঞ্চন আগবঢ়োৱা হৈছিল যদিও এইবাৰৰ পৰা শিল্পী দিৱসৰ দিনটোতহে এই সন্মান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে । অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, জ্যোতি প্ৰসাদৰ যুগটো আছিল অসমৰ জাগৰণৰ যুগ । সংকীৰ্ণ জাতীয়তাবাদৰ বহু ওপৰলৈ গৈ জ্যোতিপ্ৰসাদে চিন্তা কৰিছিল । তেওঁৰ সংগীতত আছিল জাগৰণ আৰু উত্তৰণৰ ধাৰা । জ্যোতিপ্ৰসাদৰ গীতৰ লগত অসমীয়াৰ প্ৰাণৰ সংযোগ আছিল বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : Mob lynching in Jorhat : অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.