ETV Bharat / international

আবুধাবি বিমানবন্দৰত ড্ৰোণ আক্ৰমণ : তিনিজন নিহত

author img

By

Published : Jan 17, 2022, 7:09 PM IST

আবু ধাবিৰ বিমানবন্দৰত এক সন্দেহযুক্ত ড্ৰোণ আক্ৰমণ (Drone attack at Abu Dhabi airport) ৷ এই ঘটনাত নিহত তিনিগৰাকী লোক ৷

drone attack at Abu Dhabi airport three killed
আবুধাবি বিমানবন্দৰত ড্ৰোণ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ জানুৱাৰী : সংযুক্ত আৰৱ এমিৰেটচৰ ৰাজধানী আবু ধাবিৰ বিমানবন্দৰত এক সন্দেহযুক্ত ড্ৰোণ আক্ৰমণত (Drone attack at Abu Dhabi airport) তিনিজন লোক নিহত হৈছে ৷ ইয়াৰ বিপৰীতে আহত হৈছে ছজনকৈ লোক ৷ সোমবাৰে আবেলি সংঘটিত হৈছে উক্ত ঘটনা ৷

সূত্ৰই জনোৱা মতে, ড্ৰোণৰ সহায়ত আবু ধাবি বিমানবন্দৰৰ কাষত থকা তিনিটাকৈ তেল পৰিবাহী টেংকাৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । নিহত তিনিজনৰ ভিতৰত দুজন ভাৰতীয় আৰু এজন পাকিস্তানৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে য়েমেনৰ হুথী বিদ্ৰোহীসকলে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে । আবু ধাবিৰ আৰক্ষীয়ে কিন্তু এই ঘটনাত কোনো সাংঘাটিক ক্ষয়-ক্ষতি নোহোৱা বুলি দাবী কৰিছে ।

উল্লেখ্য যে, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জ ইনৰ সংযুক্ত আৰৱ এমিৰেটচ ভ্ৰমণৰ সময়তে সংঘটিত হোৱা এই ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে । দেওবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি আৰু সংযুক্ত আৰৱ এমিৰেটচৰ ৰাষ্ট্ৰ প্ৰধানৰ মাজত হোৱা আলোচনাৰ সময়ত দুয়োখন দেশে প্ৰায় ৩.৫ বিলিয়ন ডলাৰৰ চুক্তি সম্পন্ন কৰিছে ৷ যাৰ জৰিয়তে দক্ষিণ কোৰিয়াই আৰৱ এমিৰেটচক চাৰফেছ টু এয়াৰ মিছাইল বিক্ৰী কৰিব ।

লগতে চাওক: ছন্দত যতি পৰিল ভাৰতীয় কথক নৃত্যৰ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে পণ্ডিত বিৰ্জু মহাৰাজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.