ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 22, 2022, 8:59 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

হৰ্চ ট্ৰেডিঙৰ প্ৰসংগত উত্তাল ৰাজ্যৰ ৰাজনীতি (Horse Trading allegation) ৷ ৰাজ্যসভাৰ আসনক লৈ জটিল অংক শাসক-বিৰোধীৰ ! বিৰোধী বিধায়কে সহায় কৰিব নেকি বিজেপিক ?

Murder in Barpeta: ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক

বৰপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ৰাজপথৰ ওপৰত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে হত্যাৰ বলি হ'ল এগৰাকী যুৱতী অধিবক্তা (Advocate murder in Barpeta)৷ তিনিজনীয়া দুৰ্বৃত্তৰ দলে চুৰীৰে হানি-খুঁচি হত্যা কৰে যুৱতী অধিবক্তাগৰাকীক ৷

গুৱাহাটীত গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ

কামৰূপ মহানগৰ জিলা প্ৰশাসনে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ(Gandhi Panorama Film Festival in Guwahati) ৷ চলচ্চিত্ৰৰ প্ৰদৰ্শনী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যপাল তথা অধ্যাপক জগদীশ মুখীয়ে ।

১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ মূৰত পুনৰ মূলবৃদ্ধিৰ মাধমাৰ । উৎকট গৰমৰ মাজতে ১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ । লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ (power charges rise in Assam) ।

ওৰাং ৰাষ্টীয় উদ্যানত ২০২২ বৰ্ষৰ গঁড় গণনা সম্পূৰ্ণ

১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্টীয় উদ্যান হিচাপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ওৰাং ৰাষ্টীয় উদ্যানত ২০২২ বৰ্ষৰ গঁড় গণনা সম্পূৰ্ণ(Rhino census of Orang National Park) । উদ্যানখনত বৃদ্ধি পালে ২৪ টাকৈ গঁড় (Rhino Population Increases at Orang National Park) । ইয়াৰ পূৰ্বে উদ্যানখনত আছিলে ১০১ টা গঁড় । কিন্তু এইবাৰ গণনাত পোৱা গ'ল মুঠ ১২৫ টা গঁড় ৷

NEEPCO ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত আৰম্ভ

এটা প্ৰজন্মক প্ৰলয়ৰ বিভীষিকাৰে ক্ষতিগ্ৰস্থ কৰা নীপকো(NEEPCO)ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত আৰম্ভ গুৱাহাটী উচ্চ ন্যায়ালয়(High Court)ৰ । মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াক ধন্যবাদ জ্ঞাপন গোচৰকাৰীৰ ।

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত মহিলা অভিযন্তাক অশালীন ব্যৱহাৰ

নুমলীগড় শোধনাগাৰত সোমবাৰে সংঘটিত হয় এক লজ্জাজনক ঘটনা ৷ শোধনাগাৰত ঠিকাভিত্তিত কাৰ্যত নিয়োজিত হৈ থকা এগৰাকী অভিযন্তাই শোধনাগাৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পথত তালাচীৰ নামত এজন চিআইএচএফৰ জোৱানে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Molesting of woman employee at Numaligarh Refinery) ৷

সংখ্যালঘূ ছাত্ৰবৃত্তিৰ নামত নগাঁৱত কোনে চলাইছে অনিয়ম ?

শিক্ষাবিভাগ হৈ পৰিছে সোণৰ কণী পৰা হাঁহ ৷ নগাঁও জিলাৰ শিক্ষাবিভাগৰ বিৰুদ্ধে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ (Scam in minority scholarship) ৷

অখিল গগৈৰ বিস্ফোৰণ: বিধায়ক কিনা-বেচাত হাত উজান দিছে বিধানসভাৰ অধ্যক্ষই

বিধানসভাৰ মজিয়াত সোমবাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা এক মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী পক্ষ । ইয়াকে লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য ৷ মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে । অধ্যক্ষই বিধায়ক কিনা-বেচাত হাত উজান দিছে ।

ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ নেতৃত্ব সলনি

লেফটেনেণ্ট জেনেৰেল ৰাভিন খোচলাৰ পৰা লেফটেনেণ্ট জেনেৰেল দিনেশ সিং ৰাণালৈ হস্তান্তৰ কৰা হৈছে ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ দায়িত্ব (change of command of Gajraj Corps ) ৷৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.