ETV Bharat / state

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত মহিলা অভিযন্তাক অশালীন ব্যৱহাৰ

author img

By

Published : Mar 21, 2022, 9:58 PM IST

Updated : Mar 22, 2022, 6:04 AM IST

নুমলীগড় শোধনাগাৰত সোমবাৰে সংঘটিত হয় এক লজ্জাজনক ঘটনা ৷ শোধনাগাৰত ঠিকাভিত্তিত কাৰ্যত নিয়োজিত হৈ থকা এগৰাকী অভিযন্তাই শোধনাগাৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পথত তালাচীৰ নামত এজন চিআইএচএফৰ জোৱানে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Molesting of woman employee at Numaligarh Refinery) ৷

molestation-of-lady-engineer-at-numaligarh-refinery
নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত মহিলা অভিযন্তাক অশালীন ব্যৱহাৰ

গোলাঘাট, 21 মাৰ্চ : যি সময়ত মহিলা সৱলীকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি নুমলীগড় শোধনাগাৰত মহিলাসকলক নিযুক্তি প্ৰদান কৰি আহিছে তেনে সময়তে সোমবাৰে নুমলীগড় শোধনাগাৰত সংঘটিত হ'ল এটি লজ্জাজনক ঘটনা (Molesting of woman employee at Numaligarh Refinery) ৷

অভিযোগ অনুসৰি, গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত তালাচীৰ নামত CISFৰ এজন জোৱানে অশালীন ব্যৱহাৰ কৰিলে এগৰাকী মহিলা অভিযন্তাক ।

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত মহিলা অভিযন্তাক অশালীন ব্যৱহাৰ

শোধনাগাৰত ঠিকাভিত্তিত কাৰ্যত নিয়োজিত হৈ থকা এগৰাকী অভিযন্তাই কৰ্তব্য পালনৰ বাবে শোধনাগাৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পথত তালাচীৰ নামত এজন চিআইএচএফৰ জোৱানে(CISF) দুব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰে শোধনাগাৰটোত । সাহসী যুৱতীগৰাকীয়ে সমগ্ৰ বিষয়টো লুকাই নাৰাখি অতি সাহসেৰে ন্যায় বিচাৰি সংবাদমাধ্যমৰ সন্মুখত বিৱৰি ক'লে সমগ্ৰ ঘটনা(Molestation of lady Engineer at Numaligarh Refinery) ।

যি সময়ত মহিলাৰ সুৰক্ষাৰ প্ৰসংগ সৰ্বত্ৰে উত্থাপিত হৈ আহিছে, সেই সময়ত শোধনাগাৰৰ মুখ্যদ্বাৰত এগৰাকী যুৱতী কৰ্মচাৰীক নিৰাপত্তাত থকা জোৱানে অশালীন ব্যৱহাৰ কৰাৰ এই ঘটনাক এতিয়া সকলোৱে দিছে গৰিহণা । সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে অভিযুক্ত চিআইএচএফৰ(CISF) জোৱানজনক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে শ্ৰমিক ইউনিয়নৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনে ।

লগতে পঢ়ক : ৰাজপথতে কাপোৰ ফালি পত্নীক অকথ্য নিৰ্যাতন স্বামীৰ : কি ক’লে ভুক্তভোগীয়ে ?

Last Updated : Mar 22, 2022, 6:04 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.