ETV Bharat / sports

ছুপাৰ ৮ত বাংলাদেশ: ২২ জুনত ভাৰতৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব বাংলাদেশ - T20 World Cup 2024

IND vs BAN: ছুপাৰ-৮ত ভাৰতৰ সৈতে মুখামুখি হ’বলগীয়া তৃতীয়টো দল হৈছে বাংলাদেশ । নেপালক পৰাস্ত কৰি ছুপাৰ-৮ত স্থান লাভ কৰিছে বাংলাদেশে । কেতিয়া আৰু ক’ত সমুখ সমৰত লিপ্ত হ’ব ভাৰত আৰু বাংলাদেশৰ দল, জানিবলৈ পঢ়ক...

IND vs BAN
২২ জুনত ভাৰতৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব বাংলাদেশ (Tweeter)
author img

By ETV Bharat Assamese Team

Published : June 17, 2024 at 5:41 PM IST

3 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ১৭ জুন : ভাৰত, অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ পিচত আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ ছুপাৰ-৮ত স্থান লাভ কৰা বাংলাদেশ অন্তিমটো দল হিচাপে পৰিগণিত হৈছে । সোমবাৰে অনুষ্ঠিত হোৱা খেলখনত নেপালক ২১ ৰানত পৰাস্ত কৰি বাংলাদেশে ছুপাৰ-৮ত প্ৰৱেশ কৰিছে । এতিয়া ছুপাৰ-৮ত ভাৰতৰ মুখামুখি হ’ব বাংলাদেশ ৷ বাংলাদেশে ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় ক্ৰিকেট দলটোক কঠিন প্ৰত্যাহ্বান জনাবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব ।

লগতে পঢ়ক: নেপালক পৰাস্ত কৰি চুপাৰ-৮ ত বাংলাদেশ - T20 World Cup 2024

ভাৰত-বাংলাদেশৰ মেচ কেতিয়া আৰু ক’ত হ’ব?

ছুপাৰ-৮ত ভাৰত বনাম বাংলাদেশৰ খেলখন ২২ জুনত অনুষ্ঠিত হ’ব । এইখন হ’ব ভাৰতীয় দলৰ ছুপাৰ-৮ৰ দ্বিতীয়খন মেচ । এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা এন্টিগুয়াৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই মেচত ৰোহিত শৰ্মাৰ মুখামুখি হ’ব নাজমুল হুছেইন শান্তো । বেটছমেনৰ বাবে এন্টিগুয়াৰ পিটচ উৎকৃষ্ট বুলি গণ্য কৰা হয় । এনে পৰিস্থিতিত এই খেলপথাৰত ভাৰতীয় বেটছমেনে বাংলাদেশী বলাৰৰ বিৰুদ্ধে বিশাল ৰান সংগ্ৰহ কৰাৰ আশা কৰা হৈছে । ইয়াৰ লগতে এই পিটচত স্পিনাৰসকলেও সহায় লাভ কৰে । এনে পৰিস্থিতিত ৰবীন্দ্ৰ জাডেজা, যুজবেন্দ্ৰ চাহাল আৰু কুলদীপ যাদৱে বাংলাদেশৰ বেটছমেনক ঢোকত ঢোকে পানী খুৱাব পাৰিব ।

লগতে পঢ়ক: ছুপাৰ ৮ পৰ্যায়ত অষ্ট্ৰেলিয়া-আফগানিস্তানৰ বিৰুদ্ধে যুঁজ টীম ইণ্ডিয়াৰ - T20 World Cup 2024

গ্ৰুপ পৰ্যায়ত দুয়োটা দলৰ যাত্ৰা :

২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰদৰ্শন গ্ৰুপ পৰ্যায়ত উৎকৃষ্ট আছিল ৷ ভাৰতে ৪খন মেচৰ ভিতৰত ৩খন খেল খেলি তিনিওখন খেলতে জয়লাভ কৰিছিল । ভাৰতে প্ৰথমে আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে । ইয়াৰ পিচত পাকিস্তান ৬ ৰাণত পৰাস্ত হয় । তৃতীয়খন মেচত ইউ এছ এক ৭ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে কানাডাৰ বিৰুদ্ধে চতুৰ্থখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় । এনে পৰিস্থিতিত ছুপাৰ-৮ত ভাৰতৰ মনোবল অতি উচ্চ হ’ব ।

লগতে পঢ়ক: আশাহত অনুৰাগী: বৰষুণৰ বাবে পৰিত্যক্ত ভাৰত-কানাডাৰ মেচ - T20 World Cup 2024

বাংলাদেশৰ কথা ক’বলৈ গ’লে, আইচিচি টি-২০ বিশ্বকাপ ২০২৪ ত ভাৰততকৈ তেওঁলোকৰ প্ৰদৰ্শন অত্যন্ত দুৰ্বল আছিল । বাংলাদেশে ৪খন মেচৰ ভিতৰত ৩খন খেলত জয়লাভ কৰাৰ বিপৰীতে ১খন মেচত বিষমভাৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এতিয়া ছুপাৰ-৮ত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন অতি আকৰ্ষণীয় হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: চুপাৰ-৮ ত কেনে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰতীয় দল ? - T20 WORLD CUP 2024