ETV Bharat / state

পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

author img

By

Published : Mar 21, 2022, 7:39 PM IST

হৰ্চ ট্ৰেডিঙৰ প্ৰসংগত উত্তাল ৰাজ্যৰ ৰাজনীতি (Horse Trading allegation) ৷ ৰাজ্যসভাৰ আসনক লৈ জটিল অংক শাসক-বিৰোধীৰ ! বিৰোধী বিধায়কে সহায় কৰিব নেকি বিজেপিক ?

horse-trading-allegation-against-bjp-by-opposition
পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

নিউজ ডেস্ক, 21 মাৰ্চ : হৰ্চ ট্ৰেডিং ! বিগত 2021 চনৰ বিধান সভা নিৰ্বাচনৰ সময়ৰ পৰাই ৰাজ্যৰ ৰাজনীতিত সময়ে সময়ে চৰ্চাৰ বিষয়বস্তু হিচাপে পৰিগণিত হৈ আহিছে এই হৰ্চ ট্ৰেডিং ৷ মূলত এসময়ৰ কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছতো বহু কংগ্ৰেছী নেতাই তেওঁৰ সৈতে গোপনে সম্পৰ্ক ৰাখি থকাৰ কথা সময়ে সময়ে পোহৰলৈ আহিছে (CM Himanta's relation with congress MLA's) ৷

বিভিন্ন সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেও এই কথা মুকলিকৈ প্ৰকাশ কৰি আহিছে ৷ মুখ্যমন্ত্ৰীৰ এই কথা সত্য প্ৰমাণ কৰি ইতিমধ্যে বহু কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰা দেখা গৈছে ৷ শেহতীয়াকৈ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰসংগ অহাৰ লগে লগে পুনৰ বিৰোধী বিধায়কৰ সমৰ্থনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় হ’ব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা মন্ত্ৰী সকলে ৷

পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

ইয়াকেলৈ এতিয়া উদ্বিগ্ন হৈ পৰা দেখা গৈছে কংগ্ৰছ তথা বিৰোধী শক্তিৰ নেতৃত্বক (Horse Trading allegation by congress) ৷ পুনৰ সৰৱ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে হৰ্চ ট্ৰেডিং অথবা বিধায়ক কিনা-বেচাৰ প্ৰসংগ ৷

ইপিনে, শাসক পক্ষই হৰ্ছ ট্ৰেডিং চলোৱাৰ অভিযোগ তুলি সোমবাৰে বিধানসভাৰ বাহিৰ-ভিতৰ উত্তপ্ত কৰি তোলে বিৰোধী বিধায়কসকলে ৷ বিধানসভাত প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগে লগে সদনৰ মজিয়াত কংগ্ৰেছ, এআইইউডিএফ, চিপিএম আৰু ৰাইজৰ দলৰ বিধায়কসকলে "গণতন্ত্ৰক ৰক্ষা কৰক", " হৰ্ছ ট্ৰেডিং বন্ধ কৰক " আদি শ্ল'গান সম্বলিত প্লে-কাৰ্ড হাতত লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷

বিৰোধী বিধায়ক অখিল গগৈয়েও মুখ্যমন্ত্ৰী আৰু শাসকীয় দলৰ এনে কাম-কাজক তীব্ৰ নিন্দা কৰা দেখা যায় ৷ অখিল গগৈয়ে কয় যে কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, বিধানসভাৰ অধ্যক্ষয়ো সদনত বিজেপিৰ সদস্যৰ দৰে ভূমিকা পালন কৰি আহিছে ৷ তেওঁ মুঠেও নিৰপেক্ষ নহয় ৷

উল্লেখযোগ্য যে, সংখ্যাৰ ফালৰ বিজেপিয়ে ৰাজ্যসভাৰ এখন আসনহে লাভ কৰিব পাৰে ৷ ইয়াৰ বিপৰীতে বিৰোধী শক্তিৰ হাততো এখন আসনৰ বাবে প্ৰয়োজনীয় সংখ্যা আছে তথাপিও যদিহে এতিয়া দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হয় ৷ ই হয়তো অনাগত সময়ৰ ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিব ৷

লগতে পঢ়ক : Rajya Sabha Election 2022 : মনোনয়ন দাখিল কৰি জয় লাভৰ দাবী ৰিপুণ বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.