ETV Bharat / city

১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

author img

By

Published : Mar 21, 2022, 10:00 PM IST

১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল (Power charges to go up in assam) ৷ সবিশেষ জানো আহক ৷

power-charges-to-go-up-in-assam-again-from-april-1
১এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

গুৱাহাটী, ২১ মাৰ্চ: মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ মূৰত পুনৰ মূলবৃদ্ধিৰ মাধমাৰ । উৎকট গৰমৰ মাজতে ১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ । লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ (power charges rise in Assam) ।

প্ৰতি ইউনিটৰ মাছুল ৫৯ পইচাকৈ বৃদ্ধিৰ কথা সোমবাৰে এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে অসম বৈদ্যুতিক নিয়ামক আয়োগৰ (আসাম ইলেক্টিচিটি ৰেগুলেটৰী কমিটিৰ চেয়াৰপাৰ্চন) অধ্যক্ষ সঞ্জয় কৃষ্ণই । তেওঁ কয় যে, প্ৰতিবছৰ পহিলা এপ্ৰিলত বৃদ্ধি কৰা হয় বিদ্যুতৰ মাচুল । ২০২০-২১ বৰ্ষৰ কোম্পানীৰ কামৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হৈছে এই নিৰিখ ।

১এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

উল্লেখ্য যে, ২০২০-২১ বর্ষত ক’ভিডৰ বাবে যথেষ্ট প্ৰভাৱ পৰিছিল বিদ্যুৎ বিভাগত। ৭৮০ কোটি টকাৰ লোকচান হৈছিল বিগত ২টা বছৰত ।

পূৰ্বৰ লোকচান পুনৰ ঘূৰাই অনাৰ বাবে বৃদ্ধি কৰা হৈছে প্ৰতি ইউনিটত ৫৯ পইছাকৈ । তাৎপৰ্যপূৰ্ণ কথা যে গৰমৰ সময়ত জনতাই অধিক ব্যয় কৰে বিদ্যুৎ। ৰাজ্যৰ অধিকাংশ অঞ্চলতে প্ৰয়োজন মতে উপলব্ধই নহয় বিদ্যুৎ। কিন্তু তাৰ পাছতো জনতাৰ মূৰত পুনৰ মাধমাৰ সোধাই বিভাগে সিদ্ধান্ত ল’লে মাচুল বৃদ্ধিৰ ।

লগতে পঢ়ক : পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.