ETV Bharat / state

গুৱাহাটীত গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ

author img

By

Published : Mar 21, 2022, 10:03 PM IST

কামৰূপ মহানগৰ জিলা প্ৰশাসনে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ(Gandhi Panorama Film Festival in Guwahati) ৷ চলচ্চিত্ৰৰ প্ৰদৰ্শনী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যপাল তথা অধ্যাপক জগদীশ মুখীয়ে ।

Gandhi Panorama Film Festival held in Guwahati
গুৱাহাটীত গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী, 12 মাৰ্চ : কামৰূপ মহানগৰ জিলা প্ৰশাসনে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ(Gandhi Panorama Film Festival in Guwahati) । এই মহোৎসৱত মহামানৱ মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত কেইবাখনো ছবি বিনামূলীয়াকৈ প্ৰদৰ্শন কৰা হয় । পুৱা ১০ বজাত চলচ্চিত্ৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে ৰাজ্যপাল তথা অধ্যাপক জগদীশ মুখীয়ে(Assam Governor inaugurates film festival on Gandhi) ।

Gandhi Panorama Film Festival held in Guwahati
গুৱাহাটীত গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ

ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনাদৰ্শৰ লগতে তেখেতৰ জীৱনৰ আধাৰত নিৰ্মিত বিভিন্ন কথাছবিৰ বিষয়ে সংক্ষিপ্ত আভাষ দিয়ে আৰু প্ৰদৰ্শনীত দেখুওৱা ছবিসমূহে দৰ্শকৰ জীৱন অহিংসাৰ আদৰ্শৰে প্ৰভাৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে ।

আদৰণি ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কয় যে, অসমৰ বিভিন্ন জিলাৰ বিভিন্ন স্থানত মহাত্মা গান্ধীৰ জীৱনভিত্তিক কথাছবি প্ৰদৰ্শনৰ বাবে ৰাজ্যপালগৰাকীয়ে যি চিন্তা-চৰ্চা কৰিছে, ই সঁচাকৈয়ে গঠনমূলক ।

Gandhi Panorama Film Festival held in Guwahati
গুৱাহাটীত গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱ

ইফালে, কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাজ্যপালগৰাকীৰ পৰিকল্পনাৰে এই মহোৎসৱ অনুষ্ঠিত কৰিছে বুলি তেওঁ ব্যক্ত কৰে(Gandhi Panorama Film Festival held in Guwahati)। অনুষ্ঠানত ভাষণ প্ৰদান কৰি গান্ধী পেনোৰামাৰ অধ্যক্ষ দেৱেন্দ্ৰ খান্দেলৱালে মহাত্মা গান্ধীৰ ওপৰত ছবি নিৰ্মাণৰ বিভিন্ন থল আছে বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী, কামৰূপ জিলা প্ৰশাসনৰ সকলো অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত, তথা কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, বহু ছাত্ৰ-ছাত্ৰী তথা আন-আন কলাপ্ৰেমী ৰাইজ উপস্থিত থাকে এই অনুষ্ঠানত ।

মহোৎসৱত কস্তুৰবা গান্ধী আশ্ৰমৰ সেৱিকাসকলে প্ৰাৰ্থনা পৰিবেশন কৰাৰ পিছতে ‘দ্য মেকিং অৱ মহাত্মা’, ‘ৰড টু সংগম’, ‘গান্ধী মাই ফাদাৰ’, শীৰ্ষক মুঠ তিনিখন ছবি প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক : পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.