ETV Bharat / city

সংখ্যালঘূ ছাত্ৰবৃত্তিৰ নামত নগাঁৱত কোনে চলাইছে অনিয়ম ?

author img

By

Published : Mar 21, 2022, 10:31 PM IST

শিক্ষাবিভাগ হৈ পৰিছে সোণৰ কণী পৰা হাঁহ ৷ নগাঁও জিলাৰ শিক্ষাবিভাগৰ বিৰুদ্ধে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ (Scam in minority scholarship) ৷

scam-allegation-against-education-department-in-nagaon-for-minority-scholarship
সংখ্যালঘূ ছাত্ৰবৃত্তিৰ নামত নগাঁৱত কোনে চলাইছে অনিয়ম ?

চামগুৰি, 21 মাৰ্চ : দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীল নীতি গ্ৰহণ কৰা বৰ্তমানৰ চৰকাৰৰ দিনতে এচামৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগ হৈ পৰিছে সোণৰ কণী পৰা হাঁহ ৷ নগাঁও জিলাৰ শিক্ষাবিভাগত সংঘটিত হৈছে চৰম দুৰ্নীতি (Scam allegation against education department inNagaon) । বটদ্ৰৱাৰ শিক্ষা বিষয়া বাহাৰুল ইছলামৰ গ্ৰেপ্তাৰৰ পিছতে নগাঁও জিলাৰ শিক্ষা বিভাগত চলি থকা দুৰ্নীতিৰ কথা পুনৰ স্পষ্ট হৈ পৰিছে ৷

নগাঁও শিক্ষা বিভাগত ব্যাপক দুৰ্নীতি । একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবেই বৰ্তমান সংখ্যালঘূৰ ছাত্ৰবৃত্তিত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। মন কৰিব লগীয়া যে, সংখ্যালঘূ মন্ত্ৰণালয়ৰ নিয়ম অনুসৰি আগতীয়া অনুমতি নথকা শিক্ষানুষ্ঠানে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ বাবে আবেদন কৰিব নোৱাৰে ৷

সংখ্যালঘূ ছাত্ৰবৃত্তিৰ নামত নগাঁৱত কোনে চলাইছে অনিয়ম ?

কিন্তু নগাঁও জিলা পৰিদৰ্শকৰ কাৰ্যালয় আৰু নগাঁৱৰ বহু শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ধনৰ বিনিময়ত বহু অস্তিত্বহীন শিক্ষানুষ্ঠানক প্ৰদান কৰিছে লাখ লাখ টকাৰ সংখ্যালঘূ ছাত্ৰবৃত্তি (Scam in minority scholarship)। বটদ্ৰৱা শিক্ষাখণ্ডৰ শিক্ষা বিষয়া বাহাৰুল ইছলামক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতে নগাঁৱৰ শিক্ষাখণ্ড সমূহত চলি থকা খেলিমেলিৰ কথা স্বীকাৰ কৰিলে খোদ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নাথে।

পিছে সন্দেহৰ আৱৰ্তত আছে নগাঁৱৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়া তথা কৰ্মচাৰীও। চিআইডিৰ তদন্তৰ পিছতেই এতিয়া কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীয়ে ইজনে সিজনলৈ দোষ ঠেলি নিজকে দোষমুক্ত কৰাৰ চেষ্টা চলাইছে ৷ পৱিত্ৰ শিক্ষাবৃত্তিৰ নামত দুৰ্নীতি সংঘটিত কৰা এইসকল বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়।

লগতে পঢ়ক: পুনৰ আৰক্ষীৰ আতিশয্য: কিশোৰটিয়ে চিঞৰিছে, আৰক্ষীয়ে মাথো মাৰিছে আৰু মাৰিছে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.