ETV Bharat / state

অখিল গগৈৰ বিস্ফোৰণ: বিধায়ক কিনা-বেচাত হাত উজান দিছে বিধানসভাৰ অধ্যক্ষই

author img

By

Published : Mar 21, 2022, 6:29 PM IST

Updated : Mar 21, 2022, 6:41 PM IST

বিধানসভাৰ মজিয়াত সোমবাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা এক মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী পক্ষ । ইয়াকে লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য ৷ মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে । অধ্যক্ষই বিধায়ক কিনা-বেচাত হাত উজান দিছে ।

akhil-gogois-explosive-remarks-against-speaker
অখিল গগৈৰ বিস্ফোৰণ: বিধায়ক কিনা-বেচাত হাত উজান দিছে বিধানসভাৰ অধ্যক্ষই

গুৱাহাটী, ২১ মাৰ্চ: সম্প্ৰতি অব্যাহত থকা বিধানসভাৰ বাজেট অধিৱেশনৰ আজিৰ দিনটোৰ অধিকাংশ সময়েই সদনৰ বাহিৰে-ভিতৰে চলিছিল কেৱল ৰাজ্যসভা নিৰ্বাচনৰ ব্যস্ততাৰ আৰু হ'ৰ্চ ট্ৰেডিঙক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ আক্ৰমণ প্ৰতি আক্ৰমণ (Opposition walks out of Assam Legislative Assembly) । বিধানসভাৰ মজিয়াত আজি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা এটা মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী । আনকি তাৎপৰ্যপূৰ্ণভাবে বিৰোধী বিধায়ক অখিল গগৈয়ে এই বুলিও অধ্যক্ষ দৈমাৰীৰ বিৰুদ্ধে অভিযোগ তোলে যে তেওঁ বিধায়ক কিনা-বেচাৰ বিষয়টোত হাত উজান দিছে ।

অখিল গগৈৰ বিস্ফোৰণ: বিধায়ক কিনা-বেচাত হাত উজান দিছে বিধানসভাৰ অধ্যক্ষই

অখিল গগৈয়ে কয় যে - "মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যা কৰিছে । আনকি বিধানসভাৰ অধ্যক্ষ গৰাকীয়েও নিৰপেক্ষ ভূমিকা পালন কৰাত ব্যৰ্থ হৈছে । অধ্যক্ষই আজি সদনত কৈছে যে বিৰোধী বিধায়কে ইচ্ছা কৰিলেই ৰাজ্যসভা নিৰ্বাচনত শাসক দলক ভোট দিব পাৰে । ইয়াৰ বাবে বিধায়ক পদ খাৰিজ নহয় । এনেধৰণৰ মন্তব্যৰ জড়িয়তে অধ্যক্ষ গৰাকীয়ে বিধায়ক কিনা-বেচা বিষয়টোত হাত উজান দিছে । অথচ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এটা ৰায়দান কৰি থৈছে যে কোনো বেলেগ দলৰ বিধায়কে যদি বেলেগ দলৰ প্ৰাৰ্থীক ভোট দিয়ে তেন্তে তেওঁৰ বিধায়ক পদ খাৰিজ হ'ব ।"

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ এয়াই প্ৰথম বিস্ফোৰক অভিযোগ নহয় । চলিত বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাজ্যপালৰ ভাষণৰ সময়ত বিধায়ক গগৈক যেতিয়া অধ্যক্ষই সদনৰ পৰা বহিষ্কাৰ কৰিছিল সেইদিনাও বিধায়ক গৰাকীয়ে অধ্যক্ষ মুঠেও নিৰপেক্ষ নহয় বুলি সজোৰে দাবী কৰাৰ লগতে এই বুলিও মন্তব্য কৰিছিল যে সদনত অধ্যক্ষই বিজেপি দলৰ সদস্যৰ দৰেহে কাম কৰে, যি অত্যন্ত দূৰ্ভাগ্যজনক ।

লগতে পঢ়ক : হৰ্ছ ট্ৰেডিঙক লৈ উত্তাল বিধানসভা : বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ

Last Updated : Mar 21, 2022, 6:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.