ETV Bharat / state

Murder in Barpeta: ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক

author img

By

Published : Mar 21, 2022, 10:09 PM IST

Updated : Mar 22, 2022, 12:21 PM IST

বৰপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ৰাজপথৰ ওপৰত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে হত্যাৰ বলি হ'ল এগৰাকী যুৱতী অধিবক্তা (Advocate murder in Barpeta)৷ তিনিজনীয়া দুৰ্বৃত্তৰ দলে চুৰীৰে হানি-খুঁচি হত্যা কৰে যুৱতী অধিবক্তাগৰাকীক ৷

Advocate murdered in Barpeta
ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক

বৰপেটা, ২১ মাৰ্চ: বৰপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ৰাজপথৰ ওপৰত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে হত্যাৰ বলি হ'ল এগৰাকী যুৱতী অধিবক্তা (Advocate murder in Barpeta)৷ তিনিজনীয়া দুৰ্বৃত্তৰ দলে চুৰীৰে হানি-খুঁচি হত্যা কৰে যুৱতী অধিবক্তাগৰাকীক ৷ হত্যাৰ বলি হোৱা অধিবক্তাগৰাকী ৰিণিমা বেগম ৷ বৰপেটাৰ সমীপৰ ভেল্লাত ঘৰ ৰিনিমা বেগমৰ ৷

সোমবাৰে সন্ধিয়া বৰপেটাৰ বিলৰটাৰী হাটীত সংঘটিত হয় উক্ত হত্যাকাণ্ডৰ ঘটনা ৷ যুৱতী অধিবক্তাগৰাকীয়ে জ্যেষ্ঠ ভগ্নীৰ চিকিৎসাৰ বাবে বৰপেটাৰ বিলৰটাৰী হাটীৰ এগৰাকী চিকিৎসকৰ ওচৰলৈ আহিছিল ৷ জ্যেষ্ঠ ভগ্নীক চিকিৎসকক দেখুৱাই গাড়ীত উঠিবলৈ লওতেই মটৰ চাইকেলত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দল এটাই চুৰীৰে পেটত আঘাত কৰে ৷

বিলৰটাৰী হাটীৰ ডাঃ বিনয় কুমাৰ দাসৰ ঘৰৰ সন্মুখতে সংঘটিত এই ঘটনাৰ পিচতেই আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ নি ভৰ্তি কৰা হয় যদিও চিকিৎসাৰ পূৰ্বেই যুৱতী অধিবক্তাগৰাকীৰ মৃত্যু হয় ৷ কোনো মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবেই তেওঁক হত্যা কৰা বুলি জ্যেষ্ঠ ভগ্নীয়ে প্ৰকাশ কৰিছে ৷ এই ঘটনাক লৈ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Police assaulting civilian in Guwahati: জামিন লাভ কৰিলে বিকি প্ৰসাদ গুপ্তাই

Last Updated : Mar 22, 2022, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.