ETV Bharat / bharat

ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ নেতৃত্ব সলনি

author img

By

Published : Mar 21, 2022, 8:59 PM IST

লেফটেনেণ্ট জেনেৰেল ৰাভিন খোচলাৰ পৰা লেফটেনেণ্ট জেনেৰেল দিনেশ সিং ৰাণালৈ হস্তান্তৰ কৰা হৈছে ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ দায়িত্ব (change of command of Gajraj Corps ) ৷ সবিশেষ জানো আহক ৷

change of command of  Gajraj Corps
ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ নেতৃত্ব সলনি

তেজপুৰ, ২১ মাৰ্চ : ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ কমাণ্ডে আজি লেফটেনেণ্ট জেনেৰেল ৰাভিন খোচলাৰ পৰা লেফটেনেণ্ট জেনেৰেল দিনেশ সিং ৰাণালৈ হস্তান্তৰ কৰিছে (command of Indian Army’s Gajraj Corps changed hands ) ৷ উল্লেখযোগ্য যে, কৰ্পৰ জ্যেষ্ঠ বিষয়া লেফটেনেণ্ট জেনেৰেল দিনেশ সিং ৰাণাৰ নিজ দেশকে ধৰি অন্যান্য দেশত বিভিন্ন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ আছে বৰ্ণিল অভিজ্ঞতা ।

তেখেতে সেনাৰ দ্বাৰা পৰিচালিত অনেক বিশেষ প্ৰতিষ্ঠান গঠন আৰু নিযুক্তি পক্ৰিয়াৰ নেতৃত্ব লৈ আহিছে । এইগৰাকী বিষয়া দেশৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়, স্পেইনৰ মাদ্ৰিদৰ চিইএছডিইএন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনডিইউৰ প্ৰাক্তন ছাত্ৰ ।

change of command of  Gajraj Corps
ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ নেতৃত্ব সলনি

তেখেতৰ দৃষ্টান্তমূলক কেৰিয়াৰত, এইগৰাকী বিষয়াই উগ্ৰপন্থী কাৰ্যকলাপ বিৰোধী অলেখ অভিযানৰ লগতে Line of Actual Control (LAC)ত সেনাক ব্যতিক্ৰমী ৰূপত নেতৃত্ব প্ৰদান কৰিছিল যাৰ বাবে ইতিমধ্যে তেওঁক এভিএছএম আৰু ৱাইএছএমৰে সন্মানিত কৰা হৈছে ।

এগৰাকী যুৱ বিষয়া হিচাপে তেখেতক কাশ্মীৰত এছএম (বীৰত্ব)ৰে সন্মানিত কৰা হৈছে । ইপিনে লেফটেনেণ্ট জেনেৰেল ৰাভিন খোচলাই পঞ্চায়তপুৰত এবছৰতকৈও অধিক সময়ৰ এক ঘটনাবহুল কাৰ্যকাল পাৰ কৰিছে । তেওঁৰ কাৰ্যকালত সাধাৰণ অভিযানৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশত বিদ্ৰোহী সংগঠন বিৰোধী বিভিন্ন অভিযানত তেওঁ বিশেষভাৱে নেতৃত্ব প্ৰদান কৰি আহিছে ৷

লগতে পঢ়ক : পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.