ETV Bharat / state

NEEPCO ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত আৰম্ভ

author img

By

Published : Mar 21, 2022, 10:27 PM IST

এটা প্ৰজন্মক প্ৰলয়ৰ বিভীষিকাৰে ক্ষতিগ্ৰস্থ কৰা নীপকো(NEEPCO)ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত আৰম্ভ গুৱাহাটী উচ্চ ন্যায়ালয়(High Court)ৰ । মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াক ধন্যবাদ জ্ঞাপন গোচৰকাৰীৰ ।

probe launced into case against neepco
NEEPCO ৰ বিৰুদ্ধে ৰুজু হোৱা গোছৰৰ তদন্ত আৰম্ভ

গোলাঘাট,২১ মাৰ্চ: এটা প্ৰজন্মক প্ৰলয়ৰ বিভীষিকাৰে ক্ষতিগ্ৰস্থ কৰা নীপকো(NEEPCO)ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত আৰম্ভ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । ২০১৮ চনৰ ২৬ আৰু ২৭ জুলাইতেই দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা নীপকোৱে(NEEPCO) কাণ্ডজ্ঞানহীনভাৱে এৰি দিয়া বাঢ়নী পানীত ডুব গৈছিল গোলাঘাট জিলাৰ অৰ্দ্ধ শতাধিক গাঁও ।

শ-শ লোকৰ সপোনৰ ঘৰখনৰ লগতে শস্য,পশুধন তচনচ কৰিছিল বানে । নীপকোৰ সেই দ্বিতীয়লানি বান্ধ এৰাৰ ফলত অঘৰী হোৱা বহু লোকে আজিও আশ্ৰয় লৈ আছে চৰকাৰী ভূমিত নিৰ্মিত অস্থায়ী পঁজাত ।

NEEPCO ৰ বিৰুদ্ধে ৰুজু হোৱা গোছৰৰ তদন্ত আৰম্ভ

বানপীড়িত ৰাইজৰ এই দুৰ্দশাৰ কথা অনুমান কৰি নীপকোৰ বিৰুদ্ধে গোলাঘাটৰ বব্ৰুবাহন শ‌ইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত (Gauhati High Court) তৰিছিল এক ৰাজহুৱা গোচৰ(PIL)‌ । চলিল গোচৰৰ শুনানি আৰু অৱশেষত সম্পূৰ্ণ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শ‌ইকীয়াৰ খণ্ড বিচাৰপীঠে গোলাঘাট জিলা ন্যায়াধীশক ৯০ দিনৰ ভিতৰত উক্ত গোচৰৰ তদন্তৰ নিৰ্দেশ দিছে (Probe launched into case registered against NEEPCO) ।

তদন্তকালত গোলাঘাট জিলা ন্যায়াধীশে বানপীড়িত লোক তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ভাষ্য ল'ব পাৰিব । ইপিনে, সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াক লৈ সুখী গোচৰকাৰী বব্ৰুবাহন শ‌ইকীয়া । নীপকোৰ এনে অবিবেচকী কাণ্ডৰ বাবেই বিগত সময়চোৱাত লক্ষিমপুৰ, ধেমাজি, গহপুৰৰ সমান্তৰালকৈ গোলাঘাটৰ এটা প্ৰজন্মক প্ৰলয়ৰ দিশে ঠেলি দিয়ে বুলিও মন্তব্য গোচৰকাৰীৰ ।

লগতে পঢ়ক: Karbi Sahitya Sabha: ডংকামোকামৰ ডংকাচাৰপʼত কাৰ্বি সাহিত্য সভা আয়োজনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.