ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Dec 2, 2021, 10:58 AM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ...

11 বজাৰ দহটা শীৰ্ষ সংবাদ-

Har Ghar Dastak Campaign : ডিব্ৰুগড়ৰ বাগিচা অঞ্চলত ভেকচিন প্ৰদান প্ৰক্ৰিয়া পৰিদৰ্শন বিমল বৰাৰ

ডিব্ৰুগড়ত স্বাস্থ্য বিভাগে আৰম্ভ কৰা ‘Har Ghar Dastak’ অভিযানৰ প্ৰক্ৰিয়া পৰিদৰ্শন কেবিনেট মন্ত্ৰী বিমল বৰা(Minister Bimal Bora reviews Har Ghar Dastak campaign)ৰ ৷ বুধবাৰে জিলাখনৰ ডিৰাই আৰু দিল্লীবাৰী চাহ বাগিচাত উপস্থিত হৈ স্থানীয় অংগনবাদী কেন্দ্ৰত চলি থকা ক’ভিড ভেকচিন কাৰ্যসূচীৰ বুজ লয় মন্ত্ৰীগৰাকী(Minister Bimal Bora reviews covid vaccination programme)য়ে ৷

Trafic rules violation in Doomdooma : জৰিমনা বিহিলে একাধিক নিয়ম ভংগকাৰীয়ে

1 ডিচেম্বৰৰ পৰা ৰাজ্যত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে (wearing helmet is must from 1st december in state) ৷ মটৰ চাইকেলৰ চালকৰ লগতে আৰোহীয়েও পিন্ধিব লাগিব হেলমেট ৷ ডুমডুমা আৰক্ষী সষ্টম হৈ পৰিছে এইক্ষেত্ৰত (doomdooma police strictly monitoring the guideline) ৷

Death of Jorhat Mob Lynching Accused : ক’লা ল’ৰাৰ মৃত্যুত কিয় উৎফুল্লিত যোৰহাটবাসী ?

ক’লা ল’ৰাৰ মৃত্যু হ’ল ৷ যাৰ মৃত্যু কামনা কৰিছিল ৰাজ্যৰ বহুতেই ৷ ক’লা ল’ৰাৰ মৃত্যু কামনা কৰা সকলে এই খবৰ পোৱাৰ পাচতে হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয় ৷ যোৰহাটৰ গণ প্ৰহাৰ কাণ্ডৰ মূল অভিযুক্তৰ (Jorhat mob lynching accused) মৃত্যুক যেন উৎসৱ হিচাপে গণ্য কৰিলে একাংশই ৷

29 ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিত হ’ব অসম গ্ৰন্থমেলা

আকৌ আহিল গ্ৰন্থৰ সুবাস লোৱাৰ বতৰ ৷ গ্ৰন্থমেলা বুলিলে সকলোৰে মনলৈ আহে চানমাৰিত অনুষ্ঠিত গ্ৰন্থমেলাৰ কথা ৷ এইবাৰো অনুষ্ঠিত হ’ব চানমাৰিত গ্ৰন্থমেলা ৷ কিন্তু এইবাৰ সলনি হ’ব গ্ৰন্থমেলাখনৰ নাম ৷ চাওক সবিশেষ ৷

Tribute to Animesh Bhuyan : গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

বুধবাৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আছু নেতা অনিমেষ ভূঞাৰ আত্মাৰ সদগতিৰ অৰ্থে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে অনিমেষৰ হত্যাকাণ্ড(Mob lynching in Jorhat)ৰ লগত জড়িত সকলোকে কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই ।

Air Marshal D K Patnaik at Tezpur : তেজপুৰৰ বায়ুসেনা ষ্টেচনত IAF ৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী

ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী এয়াৰ মাৰ্শ্বেল ডি কে পাটনায়কে পৰিদৰ্শন কৰে তেজপুৰৰ বায়ু সেনাৰ ঘাটিসমূহ (Air Marshal D K Patnaik at Tezpur)। এয়াৰ মাৰ্শ্বেলগৰাকীয়ে অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰকো সাক্ষাৎ(D K Patnaik met Governor of arunachal pradesh) কৰে ।

Tripura Municipal Election: নিৰ্বাচনক ভেকোঁভাওনা আখ্যা মানিক সৰকাৰৰ

শেহতীয়াকৈ সম্পন্ন হৈছে ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন । কিন্তু নিৰ্বাচনক লৈ বিৰোধী দলসমূহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে । এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা মানিক সৰকাৰৰ গুৰুতৰ অভিযোগ । তেওঁৰ মতে এই নিৰ্বাচন সম্পূৰ্ণ ভেকোঁভাওনা (Manik Sarkar terming municipal election as a farce)।

Fire in Parliament House : সংসদ ভৱনৰ এটা কোঠাত অগ্নিকাণ্ড

বুধবাৰে পুৱা সংসদ ভৱনৰ এটা কোঠাত জুইৰ সূত্ৰপাত হয়(Fire breaks out in Parliament House) । অৱশ্যে, ১০ মিনিটৰ ভিতৰতে জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে । সংসদ ভৱনৰ ৫৯ নং কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড ।

17 বাৰ মোগলক পৰাভূত কৰা অসমীয়াই বহিৰাগতৰ বিপৰীতে গঢ়িছে প্ৰতিৰোধ: মুখ্যমন্ত্ৰী

উচ্ছেদৰ পাছত প্ৰথম বাৰৰ বাবে গৰুখঁটিত উপস্থিত হৈ এই মন্তব্যৰে মোগলৰ প্ৰসংগ উত্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয়, "অসমীয়াই মোগলক 17 বৰা পৰাভূত কৰিছিল ৷

Har Ghar Dastak Campaign : 100 শতাংশ ক’ভিড ভেকচিন প্ৰদান সম্পন্ন বুথত মন্ত্ৰী ৰণজিৎ দাস

মঙলবাৰে ধুবুৰীত উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Guardian Minister of Dhubri) ৷ দুদিনীয়া ভ্ৰমণসূচীৰে জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে হৰ ঘৰ দস্তক অভিযানত (Har Ghar Dastak Campaign in Dhubri) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.