ETV Bharat / international

ভাৰতৰ চন্দ্ৰ অভিযানৰ কিয় প্ৰশংসা কৰিলে পাকিস্তানৰ সাংসদে ? - Pakistani leader Syed Mustafa Kamal

Pakistani leader Syed Mustafa Kamal: সফল চন্দ্ৰ অভিযানৰ জৰিয়তে ভাৰতে বিশ্বজুৰি চৰ্চিত হৈছিল । পিছে পাকিস্তানে এতিয়াও অৰ্থনৈতিক, শিক্ষা আৰু বিভিন্ন ক্ষেত্ৰত সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে । এনে পৰিস্থিতিত ভাৰতৰ সফলতাক কাৰাচীৰ বৰ্তমানৰ উদ্বেগজনক পৰিস্থিতিৰ সৈতে তুলনা কৰিলে পাকিস্তানৰ এগৰাকী সাংসদে ।

Pakistani leader Syed Mustafa Kamal
ভাৰতৰ চন্দ্ৰ অভিযানৰ কিয় প্ৰশংসা কৰিলে পাকিস্তানৰ সাংসদে (IANS)
author img

By ETV Bharat Assamese Team

Published : May 16, 2024 at 5:16 PM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ মে': এইবাৰ পাকিস্তানী নেতাৰ মুখত ভাৰতৰ সফল চন্দ্ৰ অভিযানৰ কথা । পাকিস্তানী নেতা চৈয়দ মুস্তাফা কামালে ভাৰতৰ চন্দ্ৰ অৱতৰণ অভিযানৰ কথা উল্লেখ কৰি ভাৰতৰ সাফল্য আৰু কাৰাচীৰ বিপদজনক পৰিস্থিতিৰ মাজত তুলনা কৰে ।

মুত্তাহিদা কোৱামি মুভমেন্ট পাকিস্তানৰ (এমকিউএম-পি) নেতাগৰাকীয়ে কয় যে যেতিয়া ভাৰতে চন্দ্ৰত অৱতৰণ কৰিছে, কাৰাচীয়ে মুক্ত নলাত পৰি শিশুৰ মৃত্যু হোৱাৰ খবৰ সংগ্ৰহ কৰি আছে ।

তেওঁ কয়, "আজি কাৰাচীৰ অৱস্থা এনে হৈছে যে পৃথিৱীখন চন্দ্ৰলৈ গৈ থকাৰ সময়তে কাৰাচীৰ নলাত পৰি শিশুৰ মৃত্যু হৈছে । একেখন স্ক্ৰীণতে ভাৰতে চন্দ্ৰত অৱতৰণ কৰাৰ বাতৰি আছে আৰু দুই ছেকেণ্ডৰ পিচতে কাৰাচীৰ মুক্ত নলাত এটা শিশুৰ মৃত্যু হোৱাৰ বাতৰি ।’’

তেওঁ কাৰাচীত বিশুদ্ধ খোৱাপানীৰ অভাৱৰ ওপৰতো আলোকপাত কৰে । এমকিউএম-পি নেতাগৰাকীয়ে লগতে এক প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে কাৰাচীত ৭০ লাখ শিশু আৰু পাকিস্তানত ২.৬ কোটিতকৈও অধিক শিশু আছে যিসকলে বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে ।

তেওঁৰ মতে কাৰাচী হৈছে পাকিস্তানৰ ৰাজহ ইঞ্জিন । আৰম্ভণিৰ পৰাই পাকিস্তানত কাৰ্যকৰী হোৱা দুয়োটা সামুদ্ৰিক বন্দৰ কাৰাচীত আছে । কাৰাচী সমগ্ৰ পাকিস্তান, মধ্য এছিয়াৰ আফগানিস্তানৰ প্ৰৱেশদ্বাৰ । ১৫ বছৰ ধৰি কাৰাচীক অলপো বিশুদ্ধ খোৱাপানী পোৱা নাই বুলি তেওঁ উল্লেখ কৰে । আনকি পাকিস্তানলৈ অহা পানীও টেংকাৰ মাফিয়াই কাৰাচীৰ লোকসকলক বিক্ৰী কৰিছিল বুলি নেতাগৰাকীয়ে দাবী কৰে ।

সাংসদগৰাকীৰ মতে পাকিস্তানৰ মুঠ ৪৮,০০০ খন বিদ্যালয় আছে । কিন্তু এটা নতুন প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ ভিতৰত ১১,০০০ খন 'ভূত বাংলাত পৰিণত'। সিন্ধুৰ ৭০ লাখ শিশু বিদ্যালয়লৈ নাযায় আৰু দেশৰ মুঠ ২,৬২,০০,০০০ শিশু বিদ্যালয়লৈ নাযায় বুলি তেওঁ প্ৰতিবেদনৰ উদ্ধৃতি দি কয় ।

উল্লেখ্য যে যোৱা বছৰৰ আগষ্ট মাহত ভাৰতৰ চন্দ্ৰযান-৩ য়ে সুৰক্ষিতভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল । চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত বিশ্বৰ প্ৰথম খন দেশ হৈ পৰিছিল । ইফালে অৰ্থনৈতিক দুৰ্দশা, অধিক মুদ্ৰাস্ফীতি আৰু বৰ্ধিত ঋণৰ সৈতে যুঁজি থকা পাকিস্তানে সম্প্ৰসাৰিত পুঁজি সুবিধাৰ (ইএফএফ) অধীনত আন্তৰ্জাতিক মুদ্ৰা নিধিৰ (আইএমএফ) পৰা এক নতুন ঋণ কাৰ্যসূচী বিচাৰিছে ।

লগতে পঢ়ক :ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবেই হত্যাৰ চেষ্টা প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোক ! - Slovakia PM Attempt To Murder