অবিশ্বাস্য হ’লেও বছৰ-বছৰ ধৰি দেহত কঢ়িয়াই ফুৰিলে ২৫ কেজি ওজনৰ টিউমাৰ - Rare surgery in Lakhimpur
Lakhimpur medical college hospital: মহিলাগৰাকীয়ে দেহত লৈ ফুৰিছিল 25 কেজি ওজনৰ এটা টিউমাৰ ৷ কোনো চিকিৎসকে সাহস কৰা নাছিল অস্ত্ৰোপচাৰ কৰিবলৈ ৷ অৱশেষত লখিমপুৰ মেডিকেল কলেজ হাস্পতালত সেয়া সম্ভৱ হৈ উঠিল ৷

Published : June 12, 2024 at 3:36 PM IST
|Updated : June 12, 2024 at 5:21 PM IST
লখিমপুৰ, 12 জুন : অবিশ্বাস্য! লখিমপুৰত ৰোগীৰ পেটৰ পৰা ওলাল ২৫ কেজি ওজনৰ টিউমাৰ । লখিমপুৰ মেডিকেল কলেজত নজিৰ স্থাপন কৰি সফল অস্ত্ৰোপচাৰ । অবিশ্বাস্য যেন লাগিলেও সঁচা । লখিমপুৰৰ এগৰাকী মহিলাই যোৱা পাঁচটা বছৰে দেহত ২৫ কেজি ওজনৰ এটা টিউমাৰ বহন কৰি ফুৰিছিল ।
অৱশেষত মঙলবাৰে লখিমপুৰ মেডিকেল কলেজৰ ইতিহাসত নজিৰ স্থাপন কৰি চিকিৎসকৰ দলে সফলতাৰে অস্ত্ৰোপচাৰ কৰি মহিলাগৰাকীৰ দেহৰ পৰা ২৫ কেজি ওজনৰ টিউমাৰটো বাহিৰ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য বিগত ৫/৬ বছৰ ধৰি পেটত এটা প্ৰকাণ্ড টিউমাৰ লৈ চিকিৎসালয়ৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছিল লখিমপুৰৰ বিহপুৰীয়াৰ এগৰাকী মহিলাই ।
লগতে পঢ়ক: কেন্সাৰ ৰোগীক নতুন জীৱন দিব পাৰে এই থেৰাপীয়ে
ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়েও মহিলাগৰাকীৰ এই জটিল অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ সাহস গোটাব পৰা নাছিল । বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মহিলাগৰাকীক অস্ত্ৰোপচাৰ কক্ষত ভৰাইছিল যদিও কৰাব পৰা নাছিল অস্ত্ৰোপচাৰ । বিগত ৫ বছৰে মৃত্যু যন্ত্ৰণাত ছটফটাই থকা মহিলাগৰাকীক পুনৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহে পৰিয়ালে ।
প্ৰায় ৭০ উৰ্ধৰ মহিলাগৰাকীক লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে পুনৰ অসম মেডিকেল কলেজলৈ পঠিয়ায় যদিও তাতো এনে জটিল অস্ত্ৰোপচাৰ সম্ভৱ নহয় বুলি ঘূৰাই পঠিয়ায় । যাৰ বাবে পুনৰ মহিলাগৰাকীক লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ আহে পৰিয়ালে । চিকিৎসকক অনুৰোধ কৰাত এই জটিল অস্ত্ৰোপ্ৰচাৰৰ বাবে লখিমপুৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ, জিলা স্বাস্থ্য বিভাগে অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক: ভাগৰুৱা অনুভৱ কৰা বা ভোক নলগা যেন অনুভৱ হয় নেকি ? হ’ব পাৰে লিভাৰ চিৰ’ছিছৰ লক্ষণ
লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মিলন কুমাৰ টায়েৰ নেতৃত্বত সহকাৰী অধ্যাপক ডাঃ ত্ৰিনয়ন মিলি, সহযোগী অধ্যাপক সিদ্ধাৰ্থ কোঁৱৰ, এনাস্থেচিয়া বিভাগৰ সহকাৰী অধ্যাপক ডাঃ গীতু দাসকে ধৰি এটি চিকিৎসকৰ দলে মঙলবাৰে মহিলাগৰাকীৰ সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে । মহিলাগৰাকীৰ পেটৰ পৰা ওলাই আহে ২৫ কিঃগ্ৰাঃ ওজনৰ বৃহদাকাৰ টিউমাৰটো ।
উল্লেখ্য, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনে বৃহৎ আকাৰৰ টিউমাৰৰ অস্ত্ৰোপচাৰ এয়াই প্ৰথম । মঙলবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্ত্ৰোপচাৰ কৰা মহিলাগৰাকী সম্প্ৰতি সম্পূৰ্ণ সুস্থ হৈ থকাৰ লগতে কথা-বতৰাও পাতিছে । লখিমপুৰ মেডিকেল কলেজৰ এনে প্ৰত্যাহ্বানমূলক কামৰ সফলতাক এতিয়া সকলোৱে শলাগ লৈছে ।
লগতে পঢ়ক: এটা সুস্থ জীৱনৰ গৰাকী হ’বলৈ আমি কেতিয়া শোৱাটো উচিত ?
লখিমপুৰ মেডিকেল কলেজৰ বহু দুখদায়ক খবৰৰ মাজতো এনে বহু ভাল খবৰ ওলাই থাকে । মেডিকেল কলেজখনৰ অতিৰিক্ত অধীক্ষক ডাঃ ডম্বৰুধৰ মিলিয়ে জনোৱা মতে ৰাজ্যিকভিত্তিৰ স্বাস্থ্য মন্থনত লখিমপুৰ মেডিকেল কলেজৰ স্ত্ৰী ৰোগ আৰু শিশু কল্যাণ বিভাগে প্ৰথম স্থান লাভ কৰাৰ লগতে দন্ত বিভাগেও প্ৰথম স্থান লাভ কৰে ।
এনে খবৰত কেৱল মেডিকেল কলেজৰ পৰিয়ালেই নহয়, লখিমপুৰীয়া ৰাইজেও সন্তোষ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: শৰীৰত এইসমূহ লক্ষণ দেখিলে নকৰিব উপেক্ষা! হ’ব পাৰে ব্ৰেইন টিউমাৰৰ সমস্যা

