ETV Bharat / international

ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবেই হত্যাৰ চেষ্টা প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোক ! - Slovakia PM Attempt to Murder

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 3:21 PM IST

Slovakia PM Attempt to Murder: শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোক হত্যাৰ চেষ্টাৰ পিচত দেশখনত এক বিশৃংখলতাৰ সৃষ্টি হৈছে । তাৰ মাজতে দেশখনৰ উপ-প্ৰধানমন্ত্ৰী টমাছ টাৰাবায়ে ৰবাৰ্ট ফিকো জীয়াই থকাৰ আশ্বাস প্ৰদান কৰে । চিএনএনৰ বাতৰিত এই কথা প্ৰকাশ ।

Slovakia PM Attempt to Murder
শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰীক হত্যাৰ চেষ্টা (Reuters Photo)

নিউজ ডেস্ক, ১৬ মে': শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ ওপৰত বুধবাৰে এক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে হত্যাৰ চেষ্টাৰে আক্ৰমণ চলোৱা হয় । অৱশ্যে এই আক্ৰমণৰ পৰা তেওঁৰ কথমপি প্ৰাণৰক্ষা পৰা বুলি জনাইছে দেশখনৰ উপ-প্ৰধানমন্ত্ৰী টমাছ টাৰাবায়ে । সংবাদ প্ৰতিষ্ঠান চিএনএনৰ উদ্ধৃতি অনুসৰি, বিবিচিৰ নিউজ আৱাৰ কাৰ্যসূচীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টাৰাবাই কয়, "যিমান দূৰ মই জানো, সৌভাগ্যক্ৰমে অস্ত্ৰপচাৰটো ভালদৰে সম্পন্ন হয় আৰু মোৰ অনুমান যে তেওঁ জীয়াই থাকিব ।"

আনহাতে, টাৰাবাই প্ৰধানমন্ত্ৰীৰ আঘাতৰ বৰ্ণনা দি কয় যে এটা গুলী তেওঁৰ পেটত সোমাইছিল আৰু আনটোৱে তেওঁৰ গাঁঠিত আঘাত কৰিছিল । তেওঁ এই আক্ৰমণৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ফিকোক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰ কৰা হয় ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ ওপৰত হত্যাৰ প্ৰচেষ্টাই সমগ্ৰ শ্লোভাকিয়াত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় শ্লোভাক চহৰ হেণ্ডলোভাত এক চৰকাৰী বৈঠকৰ পিছত এই ঘটনাটো সংঘটিত হয় ।

খবৰ অনুসৰি, সভাখন অনুষ্ঠিত হোৱা সাংস্কৃতিক কেন্দ্ৰটোৰ বাহিৰত প্ৰধানমন্ত্ৰীক অপেক্ষা কৰি থকা এটা সৰু জনতাৰ জুমৰ মাজত সন্দেহযুক্ত বন্দুকধাৰীজনে ফিকোক আক্ৰমণৰ লক্ষ্য কৰি লয় । ঘটনাস্থলীৰ ফুটেজত প্ৰধানমন্ত্ৰীক স্থানীয় চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে তেওঁৰ কৰ্মচাৰীসকলে এখন বাহনত ততাতৈয়াকৈ লৈ যোৱা আৰু পিছত বনস্কাৰ এটা ডাঙৰ ট্ৰমা চেণ্টাৰলৈ স্থানান্তৰ কৰা দেখা গৈছে । সৌভাগ্যক্ৰমে এই আক্ৰমণটোত আন কোনো আঘাতৰ খবৰ পোৱা হোৱা নাই ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰবাৰ্ট কালিনাক আৰু অভ্যন্তৰীণ মন্ত্ৰী মাতুছ সুতাজ এষ্টকে এই গুলীচালনাক 'ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত' বুলি উল্লেখ কৰি ইয়াক গৰিহণা দিয়ে । সুতাজ এষ্টকে প্ৰকাশ কৰে যে সন্দেহজনক ব্যক্তিজনে এই আক্ৰমণৰ ঘটনাটো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কিছু পিচতে সংঘটিত কৰে । অৱশ্যে পৰিস্থিতিৰ গভীৰতা সত্ত্বেও উপ-প্ৰধানমন্ত্ৰী টাৰাবায়ে ফিকোৰ আৰোগ্যৰ বিষয়ে আশা ব্যক্ত কৰি কয় যে অস্ত্ৰোপচাৰ সফল হৈছে আৰু প্ৰধানমন্ত্ৰীৰ অৱস্থা জীৱনৰ বাবে বিপজ্জনক নহয় । চিএনএনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।

আনহাতে, শ্লোভাকৰ ৰাষ্ট্ৰপতি জুজানা কাপুটোভাই সন্দেহযুক্ত বন্দুকধাৰীজনক আৰক্ষীয়ে আটক কৰাৰ কথা নিশ্চিত কৰিছে । কাপুটোভাই এই আক্ৰমণক গণতন্ত্ৰৰ ওপৰত 'নিৰ্মম আৰু বেপৰোৱা' আক্ৰমণ বুলি গৰিহণা দিয়ে । তেওঁ এই ঘটনাটোক কেৱল এজন ব্যক্তিৰ ওপৰতেই নহয়, ৰাষ্ট্ৰৰ গণতান্ত্ৰিক নীতিৰ ওপৰতো আক্ৰমণ হিচাপে উল্লেখ কৰে ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পশ্চিম এছিয়াত আমেৰিকাৰ ৰণনীতি - US Strategy In West Asia
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.