ETV Bharat / state

17 বাৰ মোগলক পৰাভূত কৰা অসমীয়াই বহিৰাগতৰ বিপৰীতে গঢ়িছে প্ৰতিৰোধ: মুখ্যমন্ত্ৰী

author img

By

Published : Dec 1, 2021, 10:25 PM IST

Assamese beat Mughals by 17 time says himanta biswa sarma
17 বাৰ মোগলক পৰাভূত কৰা অসমীয়াই বহিৰাগতৰ বিপৰীতে গঢ়িছে প্ৰতিৰোধ !

উচ্ছেদৰ পাছত প্ৰথম বাৰৰ বাবে গৰুখঁটিত উপস্থিত হৈ এই মন্তব্যৰে মোগলৰ প্ৰসংগ উত্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয়, "অসমীয়াই মোগলক 17 বৰা পৰাভূত কৰিছিল ৷

নিউজ ডেস্ক, 1 ডিচেম্বৰ : "অসমীয়াই মোগলক 17 বৰা পৰাভূত কৰিছিল ৷ এই হৃত গৌৱৰ প্ৰত্যেকে কৰ্ম আৰু অধ্যাৱসায়েৰে উদ্ধাৰ কৰিব লাগিব ৷" উচ্ছেদৰ পাছত প্ৰথম বাৰৰ বাবে গৰুখটিত উপস্থিত হৈ এই মন্তব্যৰে মোগলৰ প্ৰসংগ উত্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta biswa sarma in Garukhuti) ৷

গৰুখটি বহুমুখী কৃষি প্ৰকল্প(Garukhuti Farm Project)ৰ নামত যোৱা 23 ছেপ্টেম্বৰত ৩ নম্বৰ ধলপুৰত প্ৰশাসনে উচ্ছেদ (Garukhuti eviction by administration) চলাবলৈ যাওতে সংঘটিত হৈছিল ভয়ংকৰ সংঘৰ্ষৰ । আৰক্ষীৰ-প্ৰশাসন আৰু সেই স্থানত বাস কৰা লোক সকলৰ মাজত সংঘটিত সংঘৰ্ষত 2 জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে 11 গৰাকীতকৈ অধিক লোক আহত হৈছিল ৷

সেই স্থানত বাস কৰা অধিকাংশই আছিল সংখ্যালঘু সম্প্ৰদায়ৰ লোক ৷ পুনৰ সংস্থাপনৰ অবিহনে অবৈধ বেদখলকাৰী হিচাপে সেই লোক সকলক উচ্ছেদ কৰিবলৈ যাওতে লাঠি চালনা, কন্দুৱা গেছ নিক্ষেপৰ লগতে শুন্যলৈ গুলী চালনা কৰিবলগীয়াও হৈছিল আৰক্ষীয়ে ৷ উল্লেখ্য যে, আজিও সংস্থাপনৰ ব্যৱস্থা লাভ কৰা নাই সেই লোক সকলে ৷

এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বুধবাৰে গৰুখুটিত মোগলৰ প্ৰসংগ উত্থাপন কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ গৰুখুটিত আয়োজিত এক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, অসমৰ জনসাধাৰণে বহিৰাগতৰ বিপৰীতে সদায় প্ৰতিৰোধ গঢ়ি আহিছে ৷ কৃষি কাৰ্যৰ জৰিয়তে এই গৌৰৱ বাহাল ৰাখিব লাগিব অসমৰ ৰাইজে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটি পৰিদৰ্শন কৰি কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ বিভিন্ন কাম-কাজৰো বুজ লয়(Assam CM visits Garukhuti-Dhalpur agriculture project) ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে জুন মাহত গৰুখুটি অঞ্চল পৰিদৰ্শন কৰি নাৱেৰে বেদখলৰ দিশটো প্ৰত্যক্ষ কৰে ৷ মুখ্যমন্ত্ৰী এই পৰিদৰ্শনৰ পাছতে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি কৃষি কাৰ্য আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

লগতে ভাষণত তেওঁ কয়, গৰুখুটিৰ 5 হাজাৰ বিঘাতকৈও অধিক ভূমিত কৃষি কাৰ্য চলোৱা হৈছে ৷ ইয়াৰে 2,731 বিঘা ভূমিত সৰিয়হৰ খেতি কৰা হৈছে ৷ ৰাজ্যৰ যুৱ চামক চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি হাবাথুৰি খোৱাৰ পৰিৱৰ্তে কৃষি কাৰ্য হাতত লোৱাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সভাৰ ভাষণত প্ৰথমেই গৰুখুটিৰ দখলমুক্ত স্থানত কৃষিৰ জৰিয়তে পৰিৱৰ্তনৰ দিশত সক্ৰিয় উদ্যোগ লোৱা বুলি উল্লেখ কৰি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা, মৃণাল শইকীয়া আৰু ড৹ পৰমানন্দ ৰাজবংশীক বিশেষভাৱে শলাগ ললে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: ঋণৰ পাছত ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট কৰাত কৃপণালি কৰা নাই চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.