ETV Bharat / bharat

বজ্ৰপাতত এদিনতে নিহত 12 জন, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - lightning strikes

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:51 PM IST

LIGHTNING STRIKES IN MALDA: বৃহস্পতিবাৰে সংঘটিত পৃথক পৃথক ঘটনাত বজ্ৰপাতত কমেও ১২ জন লোকৰ মৃত্যু হয় । মৃতকৰ সঠিক সংখ্যা জানিবলৈ প্ৰশাসনে খণ্ড ভিত্তিক তদন্ত আৰম্ভ কৰিছে ৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ৷

lightning strikes in malda
বজ্ৰপাতত কমেও ১২ জন লোকৰ মৃত্যু (ETV BHARAT ENGLISH DESK)

নেশ্যেনেল ডেস্ক, 16 মে’ : বাৰিষা কাল আৰম্ভ হোৱাৰ পূৰ্বেই ঠায়ে ঠায়ে প্ৰকৃতিয়ে লৈছে কালৰূপ ৷ এইবাৰ বজ্ৰপাতে প্ৰাণ ল’লে প্ৰায় 12 জন লোকৰ ৷ সূত্ৰ অনুসৰি এই ঘটনাত আন কেইবাজনো লোক আহত হৈছে লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ৷ ইতিমধ্যে প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ সমূহ চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

প্ৰথমে পোৱা খবৰ অনুসৰি বজ্ৰপাতৰ ফলত বিভিন্ন অঞ্চলত পাঁচজন লোকৰ মৃত্যু হয় ৷ পুৰণি মালদা অঞ্চলত চন্দন সাহানি (40), ৰাজ মৃধা (16) আৰু মনোজিত মণ্ডল (21) নামৰ তিনিজন লোকৰ বজ্ৰ পৰি মৃত্যু হয় ৷ গজোলৰ অদিনাত বজ্ৰপাতৰ ফলত অসিত সাহা (19) নামৰ এজন একাদশ শ্ৰেণীৰ ছাত্ৰৰো মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

ইংলিছবজাৰৰ শোভানগৰ গাঁৱৰ পংকজ মণ্ডল (28) আৰু সুইতাৰা বিবি (39) নামৰ দুজন লোকৰো বজ্ৰপাতৰ ফলত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ পৰৱৰ্তী সময়ত জিলাখনৰ অন্যান্য অঞ্চলতো অনুৰূপ ঘটনাত অতুল মণ্ডল, নয়ন মণ্ডল, শ্বেখ ছাব্ৰুল, সুমিত্ৰা মণ্ডল, নয়ন ৰায়, প্ৰিয়ংকা সিনহা ৰায় নামৰ আৰু 6 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

স্থানীয় এজন বাসিন্দা মনজিৎ মণ্ডলে কয়- "বৰ্তমান এই সময়ত ধান চপোৱা হৈছে ৷ চপোৱাৰ কাম শেষ কৰাৰ পিচত কিছু লোকে জিৰণি ল'বলৈ গছৰ তলত বিশ্ৰাম ল’বলৈ বহিছিল আৰু বজ্ৰপাতৰ ফলত নিহত হৈছিল ৷"

জিলা দণ্ডাধীশ নীতিন সিংঘানিয়াই কয় যে এই ঘটনাত মৃত্যু হোৱা লোকৰ সঠিক সংখ্যা জানিবলৈ ব্লক অনুসৰি তদন্ত আৰম্ভ কৰা হ’ব ৷ তেওঁ লগতে কয়- "বিশেষ অনুমতি লাভ কৰি নিশা মৰণোত্তৰ পৰীক্ষা কৰা হ'ব ৷ প্ৰতিটো খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰিব আৰু লগতে 2 লাখ টকাৰ আৰ্থিক সাহাৰ্যও আগবঢ়াব ৷"

উল্লেখ্য যে, এই শোকাৱহ ঘটনা বৃহস্পতিবাৰে পশ্চিম বংগৰ মালদা জিলাত সংঘটিত হয় ৷ ইতিমধ্যে প্ৰশাসনে মৃতদেহ সমূহ মালদা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পটাললৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : ৩১ মে'ত আগমন ঘটিব দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ - Southwest Monsoon Arrival

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.