ETV Bharat / state

এখন বিদ্যালয় আৰু শিক্ষক লাগে ! প্ৰতিবাদত নামিল চৰাঞ্চলৰ কণ কণ শিক্ষাৰ্থী - Demand for a school

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:36 PM IST

Student protest: নলবাৰীৰ মুকালমুৱাৰ বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষক বিচাৰি কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ । অন্য স্থানলৈ বিদ্যালয়ৰ লগতে শিক্ষকসকলক স্থানান্তৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ।

Student protest demanding giving teachers in Nalbari
শিক্ষক বিচাৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী (ETV Bharat Assam)

শিক্ষক বিচাৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী (ETV Bharat Assam)

নলবাৰী,১৬ মে': যিসময়ত চৰকাৰে শিক্ষা ক্ষেত্ৰত আমোল পৰিৱৰ্তন হোৱা বুলি ঢাক-ঢোল বজাই আছে সেই সময়তে শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ এখন বিদ্যালয়ত শিক্ষক বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে কণ কণ ছাত্র-ছাত্ৰীয়ে । জিলাখনৰ বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষক বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে ।

বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ ৩ নং বৰবালাস্থিত মন্টুৰ চুপা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বৃহস্পতিবাৰে চৰাঞ্চলৰ পৰা আহি মুকালমুৱাত প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে বিগত বাৰিষাত গৰাখহনীয়াৰ কবলত পৰাৰ বাবে মন্টুৰ চুপা প্ৰাথমিক বিদ্যালয়খন কুৰিহামাৰীৰ পৰা ৩ নং বৰবালা চৰলৈ স্থানান্তৰ কৰা হৈছিল ।

কিন্তু ৩ নং বৰবালা চৰত প্ৰায় ৬ মাহ পাঠদান কৰাৰ পিছত বিদ্যালয়খন পুনৰ স্থানান্তৰ কৰে ৫ নং বৰবালা চৰলৈ । বিদ্যালয়খন ৫ নং বৰবালা চৰত স্থাপন কৰি শিক্ষকসকলকো স্থানান্তৰ কৰাৰ ফলত ৩ নং বৰবালাৰ প্ৰায় ৬০ জন শিক্ষাৰ্থী পাঠদানৰ পৰা বঞ্চিত হোৱা বুলি জানিবলৈ দিয়ে । অঞ্চলটোৰ লোকসকলে বিদ্যালয়খন ৩ নং বৰবালাতে স্থাপন কৰিবলৈ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছিল যদিও আজিলৈকে একো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰে ।

যাৰ ফলশ্ৰুতিত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীয়ে চৰৰ পৰা আহি মুকালমুৱাস্থিত বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিদ্যালয়খনত শিক্ষক বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । অতিশীঘ্ৰে বিদ্যালয়খন ৫ নং বৰবালা চৰৰ পৰিৱৰ্তে ৩ নং বৰবালা চৰত পুনৰ স্থাপন কৰি শিক্ষকসকলক ওভতাই দিবলৈ দাবী জনায় ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকসকলেও ।

লগতে পঢ়ক: দলং বিচাৰি প্ৰতিবাদত নামিল কণ কণ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.