ETV Bharat / state

দলং বিচাৰি প্ৰতিবাদত নামিল কণ কণ শিক্ষাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 3:00 PM IST

Protest in Kalgachia : মৰণফান্দলৈ পৰিণত হৈছে জৰাজীৰ্ণ কাঠৰ দলং । উপায়হীন হৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে "হিমন্ত মামা আমাক দলং লাগে" শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

protest in Kalgachia
দলং বিচাৰি ৰাজপথত প্ৰতিবাদত নামিল কণ কণ শিক্ষাৰ্থী

জনীয়া, 5 ফেব্ৰুৱাৰী : কলগাছিয়াৰ শিমলাবাৰীত মৰণফান্দত পৰিণত হৈছে জৰাজীৰ্ণ কাঠৰ দলং । পকী দলং বিচাৰি কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ । কণ কণ ছাত্ৰ-ছাত্ৰীয়ে "হিমন্ত মামা আমাক দলং লাগে" শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ। এখন পকী দলঙৰ বাবে ছাত্র-ছাত্ৰীৰ কাতৰ আহ্বান ৷

বৰপেটা-বঙাইগাঁও জিলাৰ সীমামূৰীয়া আৰু উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমলাবাৰী গাঁৱৰ মাজেৰে যোৱা ভোগডুবি মৰানদীৰ ওপৰত থকা ভঙা কাঠৰ দলংখন মৰণফান্দলৈ পৰিণত হৈছে ৷ বছৰ বছৰ ধৰি ভঙা দলঙেৰে হাজাৰ হাজাৰ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি যাতায়ত কৰিব লগা হৈছে ৷ ফলত দেওবাৰে বিদ্যালয়ৰ একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ভঙা দলঙৰ ওপৰত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ কাতৰ আহ্বান জনায়। 'হিমন্ত মামা আমাক দলং লাগে', 'পকী দলঙৰ ব্যৱস্থা কৰক', 'পকী দলং লাগিবই' আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ।

উল্লেখ্য যে, দলংখন জৰাজীৰ্ণ হৈ থকাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে । পৰিতাপৰ বিষয় হ'ল যে, অঞ্চলটো দুটাকৈ সমষ্টিৰ সীমামূৰীয়া অঞ্চল হোৱাৰ বাবে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰৰ কোনেও দলংখন পকী নকৰে ।

আনকি বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ঘৰৰ লগতেই থকা এই দলংখন নিৰ্মাণতো দূৰৰে কথা মেৰামতি পৰ্যন্ত নকৰে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ফলত অতিশীঘ্ৰেই ভঙা দলংখন পকী কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্ৰীয়ে কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক: আকৰ্ষণীয় হৈ পৰিছে কাজিৰঙা; বৈচিত্ৰ্যতাই আকৰ্ষিত কৰিছে পৰ্যটকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.