আকৰ্ষণীয় হৈ পৰিছে কাজিৰঙা; বৈচিত্ৰ্যতাই আকৰ্ষিত কৰিছে পৰ্যটকক

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 2:26 PM IST

thumbnail

কাজিৰঙা, 3 ফেব্ৰুৱাৰী: নতুন পৰ্যটন বৰ্ষত বিচিত্ৰ কাজিৰঙাত পৰ্যটকৰ চকুত ধৰা দিছে ধৰিছে নিত্য নতুন চিত্ৰই । বিচিত্ৰ ইয়াৰ জৈৱ শৃংখলাই আকৰ্ষিত কৰিছে পৰ্যটকক  ৷ নতুন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে সোণালী বাঘ ৷ কিছুদিন পূৰ্বে পৰ্যটকৰ সন্মুখত সহজে ধৰা দিছে সোণালী বাঘটোৱে ৷

এইবাৰ কহঁৰা বনাঞ্চলৰ ডাফলাং এলেকাত পৰ্যটকৰ মুখামুখি হ’ল এটা ভালুক ৷ সাধাৰণতে দেখা নোপোৱা ভালুক পথেৰে আগবাঢ়ি অহা দৃশ্য দেখি উৎফুল্লিত হৈ পৰিল পৰ্যটক ৷ সমগ্ৰ দৃশ্যটো কেমেৰাত বন্দী কৰিলে টুৰিষ্ট গাইড সুৰজ বিশ্বাসে ৷ কিছুদূৰ আহি ভালুকটো পথৰ পৰা নামি ঘন ঘাঁহনিৰ দিশে যোৱা দেখিবলৈ পোৱা গ’ল ৷

ইফালে কেইটামান দিনৰ পূৰ্বে পৰ্যটকৰ বাহনৰ সন্মুখেৰে পথ অতিক্ৰম কৰি সোণালী বাঘ এজোপা বগৰী গছৰ তলত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছিল  ৷ গছজোপাত বিভিন্ন আঁচোৰ বহুৱাই বাঘ পুনৰ ওখ ঘাঁহনিৰ মাজত সোমায় যোৱা দেখিবলৈ পোৱা গৈছিল ৷ বিশেষজ্ঞৰ মতে বাঘে যাত্ৰাপথত সাধাৰণতে এনেদৰে গছত আঁচুৰি চিন থৈ যায় ৷ পৰ্যটকক সন্মোহিত কৰা এই বিশেষ দৃশ্যটো বন্দী হ’ল টুৰিষ্ট গাইড এটামুল আলিৰ কেমেৰাত ৷

লগতে পঢ়ক: ভাৰতৰ পঞ্চম শীৰ্ষ পক্ষী আৱাসস্থলী হিচাপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.