ETV Bharat / state

ঋণৰ পাছত ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট কৰাত কৃপণালি কৰা নাই চৰকাৰে

author img

By

Published : Dec 1, 2021, 3:47 PM IST

হিতাধিকাৰীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে এটাৰ পাছত আনটো ঋণ লৈছে অসম চৰকাৰে (Assam government borrows after loan to appease beneficiary) । বিগত ৫ টা বছৰত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ বাবদ ২০ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিবলগীয়া হৈছে । সোণোৱাল চৰকাৰে ৫ বছৰীয়া কার্যকালত ঋণ লৈছিল ৫৮ হাজাৰ কোটি টকা । ঋণৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২১ চনলৈ সুদৰ নামত ব্যয় কৰিব লগা হ'ল মুঠ ২০ হাজাৰ ৬৫৮ কোটি টকা । মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সাতমহীয়া কার্যকালতে বিভিন্ন উৎসৰ পৰা প্ৰায় ৫,৫০০ কোটি টকা নতুনকৈ ঋণ গ্রহণ কৰিছে ।

Assam
ঋণৰ পাছত ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট কৰাত কৃপণালি কৰা নাই চৰকাৰে

গুৱাহাটী,১ ডিচেম্বৰ : ঋণৰ ওপৰত ঋণ লৈ ৰাজ্য চৰকাৰে হিতাধিকাৰীক সন্তুষ্ট ৰখাৰ ক্ষেত্রত যেন অলপো থমকি ৰোৱা নাই (Assam government borrows after loan to appease beneficiary)। মাইক্র'ফাইনেন্সৰ হাজাৰ হাজাৰ কোটি টকাৰ ধাৰ পৰিশোধ কৰি ১১ লাখ হিতাধিকাৰীৰ মাজত বিশেষ প্ৰসিদ্ধি লাভ কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে । কিন্তু মাইক্র'ফাইন্সেত ধাৰ পৰিশোধ কৰিবলৈ গৈ ৰাজ্যৰ অর্থনীতি একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে । কিয়নো হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ গৈ অসম চৰকাৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থাৰ পৰা নিজেই ঋণ ল'ব লগা হৈছে ।

ঋণ লৈ ঋণ মাৰিবলৈ গৈ এক কথাত ধাৰত পোত গৈছে চৰকাৰখন । আজিৰ তাৰিখত অসম চৰকাৰৰ ঋণ তথা ধাৰৰ পৰিমাণ ৯৮ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে । লক্ষণীয় বিষয় যে চৰকাৰে ঋণৰ বাবদ হাজাৰ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিব লগা হৈছে । সমান্তৰালকৈ সৰু সৰু চৰকাৰী অনুষ্ঠানৰ নামত বিশাল বিশাল জন সমাৱেশ আয়োজন কৰাৰ লগতে চাৰ্টাৰ্ড বিমানত মুখ্যমন্ত্ৰীৰ লগতে সতীর্থ মন্ত্রীসকলে ভ্ৰমণ কৰি ৰাজকোষৰ ধন ব্যয় কৰি আহিছে ।

ইতিমধ্যে ৰাজ্য চৰকাৰে মাইক্র'ফাইন্সেৰ ঋণগ্রস্ত ১১ লাখ মহিলাক আর্থিক সাহায্য প্রদান প্রক্রিয়া আৰম্ভ কৰিছে । চৰকাৰে এই আঁচনিৰ বাবে প্রায় ৭,৫০০ কোটি টকা ব্যয় কৰিব (Govt spend 7,500 crore for microfinance borrowers) । ৰাজকোষৰ পৰা আদায় দিব লগা এই সাহায্যৰ জোৰা মৰাৰ বাবে ৰাজ্য চৰকাৰে ২৩ নৱেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ৬০০ কোটি টকা বজাৰ ঋণ গ্রহণ কৰিছে ।

উল্লেখ্য যে বিগত ৫ টা বছৰত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ বাবদ ২০ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিবলগীয়া হৈছে । আবকাৰী ৰাজহক বাদ দি ৰাজ্যৰ নিজা ৰাজহ সংগ্ৰহৰ সকলো উৎস এক প্রকাৰ বন্ধ হৈ পৰাত ঋণৰ সুদ পৰিশোধ কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অর্থনীতি কোঙা হৈ পৰিছে । বিগত ৫ বছৰত কেৱল ঋণৰ বিনিময়ত সুদ পৰিশোধৰ নামতেই অসম চৰকাৰে ২০ হাজাৰ কোটি টকা ব্যয় কৰিবলগীয়া উদ্বেগজনক তথ্য প্রকাশ পাইছে ৰিজাৰ্ভ বেংকৰ হেণ্ডবুক অৱ ষ্টেটিষ্টিকচ্ছ অন ইণ্ডিয়ান ষ্টেট ২০২০-২১ প্রতিবেদনত ।

প্রতিবেদনত প্রকাশ পোৱা অনুসৰি প্ৰাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল (Former Chief Minister Sarbananda Sonowal) চৰকাৰৰ কাৰ্যকালত ২০১৬-১৭ বিত্তীয় বৰ্ষত অসম চৰকাৰে ঋণৰ বাবদ সুদ পৰিশোধৰ নামত ৰাজকোষৰ পৰা আদায় দিলে ২,৯৬৪ কোটি টকা । একেদৰে ২০১৭-১৮ বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰে সুদ পৰিশোধ কৰিলে ৩,২০৫ কোটি টকা । ২০১৮-১৯ বৰ্ষৰ কেৱল সুদৰ নামত ৰাজকোষৰ পৰা ওলাই গ'ল ৩,৮৪৪ কোটি টকা । আনহাতে ২০১৯-২০ বৰ্ষত ঋণৰ বাবদ সুদত ব্যয় কৰিলে ৪,৮৪৩ কোটি টকা ।

সোণোৱাল চৰকাৰে শেষৰ ফালে ঋণৰ পৰিমাণ বৃদ্ধি কৰাত ২০২০-২১ বৰ্ষৰ সুদৰ নামত ৰাজকোষৰ পৰা সর্বাধিক ৫,৮০২ কোটি টকা আদায় দিয়ে । সোণোৱাল চৰকাৰে ৫ বছৰীয়া কার্যকালত সৰ্বমুঠ ঋণ লৈছিল ৫৮ হাজাৰ কোটি টকা । আনহাতে ঋণৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২১ চনলৈ সুদৰ নামত ব্যয় কৰিব লগা হ'ল মুঠ ২০ হাজাৰ ৬৫৮ কোটি টকা ।

ৰিজার্ভ বেংকৰ প্রতিবেদনখনত প্ৰকাশ পোৱা মতে চলিত বৰ্ষৰ ৩১ মার্চ পর্যন্ত অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ আছিল ৯৩,০৭৬ কোটি টকা । কিন্তু বিজেপি মিত্রজোঁট পুনৰ ক্ষমতালৈ অহাৰ পাছতেই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সাতমহীয়া কার্যকালতে বিভিন্ন উৎসৰ পৰা প্ৰায় ৫,৫০০ কোটি টকা নতুনকৈ ঋণ গ্রহণ কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ ধাৰৰ পৰিমাণ প্রায় ৯৮ হাজাৰ কোটি টকালৈ বৃদ্ধি পালে ।

লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰৰ এই ঋণৰ বোজা কৰৰ জৰিয়তে ভৰিব লাগিব সর্বসাধাৰণ নাগৰিকে । যাৰ বাবে সা-সামগ্রী, ইন্ধন, পৰিবহণ আদিৰ কৰকাটল বৃদ্ধিৰ বাহিৰে চৰকাৰৰ যেন কোনো বিকল্প নাই । ইতিমধ্যে চৰকাৰে আবকাৰী শুল্ক পুনৰ ১০-১৫ শতাংশ বৃদ্ধিৰ বাবেও সিদ্ধান্ত লৈছে । উদ্বেগৰ বিষয়টো হৈছে যে কংগ্ৰেছ চৰকাৰে ১৫ বছৰীয়া কার্যকালত প্রায় ৩৫ হাজাৰ কোটি টকাৰ ঋণ লৈছিল যদিও বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বিগত ৫ বছৰ ৭মহীয়া কার্যালত প্রায় ৬৩ হাজাৰ কোটি টকা ঋণ লৈ ৰাজ্যৰ ধাৰৰ বোজা ১ লাখ কোটি টকালৈ বৃদ্ধি কৰিলে ।

ৰাজ্য চৰকাৰে মূলতঃ ভাৰত চৰকাৰৰ লগতে ৰিজাৰ্ভ বেংক, এন এছএছ এফ, এছ ডি এল, জি আই চি, এন চি ভি চি আদি উৎসৰ পৰা এই বৃহৎ ঋণ সংগ্রহ কৰিছে । ৰিজাৰ্ভ বেংকৰ প্রতিবেদনখনত লগতে প্ৰকাশ পোৱা মতে ২০২০-২১ বর্ষ পর্যন্ত এই ঋণৰ প্রায় ৪৫,৫৬৬ কোটি টকা সামাজিক ক্ষেত্ৰত অর্থাৎ হিতাধিকাৰী আঁচনিৰ নামতে ব্যয় কৰিছে । নির্দিষ্ট সময়ৰ ভিতৰত এই ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ'লেও ৰাজ্য চৰকাৰে ১০ হাজাৰ কোটি টকা সুদ আদায় দিব লাগিব । চৰকাৰে ৰাজনৈতিক স্বাৰ্থত হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ সৰ্বসাধাৰণ নাগৰিকৰ মূৰৰ ওপৰত কৰৰ বোজা জাপি দিয়া কার্য কিমান গ্রহণযোগ্য সেয়া বিচাৰ্যৰ বিষয় ।

লগতে পঢ়ক :Price hike in Assam: বজাৰত জ্বলিছে জুই অসম চৰকাৰ আছে শুই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.