উমানন্দত সেৱা ল’লে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে - BIJULI KALITA MEDHI - GUWAHATI LS SEAT

🎬 Watch Now: Feature Video

thumbnail
উমানন্দ মন্দিৰত উপস্থিত বিজুলী কলিতা মেধি (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 13, 2024 at 4:52 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 13 জুন : বৃহস্পতিবাৰে উমানন্দ মন্দিৰত উপস্থিত হ’ল গুৱাহাটী লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধি ৷ বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি গুৱাহাটী সমষ্টিত বিজয়ৰ হাঁহি মৰা বিজুলী কলিতা মেধিৰ লগতে উমানন্দত দেখা গ’ল উৎসাহী দলীয় নেতা-কৰ্মীকো ৷

আজি পুৱাই গুৱাহাটীৰ কাছাৰী ঘাটৰে সপৰিয়ালে উমানন্দত উপস্থিত হয় সাংসদগৰাকী ৷ সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বে উমানন্দত পূজা-অৰ্চনা কৰে সাংসদগৰাকীয়ে ৷  

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগবাঢ়ি যোৱা দেশখনৰ লগতে ৰাজ্যৰো যাতে ভাল কাম কৰি যাব পাৰে তাৰ বাবে প্ৰভুৰ ওচৰত সেৱা লয় বুলি সদৰী কৰে গুৱাহাটীৰ সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে 18 জুনত দেশৰ আন সাংসদসকলৰ লগতে সাংসদ হিচাপে শপত গ্ৰহণ কৰিব বিজুলী কলিতা মেধিয়ে ৷
 
লগতে পঢ়ক : সীতাজখলাৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - registration day of Sitajakhala

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details